Wednesday, April 24, 2024
Homeবাতৰিপৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এসময়ৰ এলাগী ‘টাচেক হ্ৰদ’

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এসময়ৰ এলাগী ‘টাচেক হ্ৰদ’

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ ‘টাচেক হ্ৰদ’ বহুতৰ বাবে অচিনাকীয়েই নহয় এলাগীও হৈ আছিল সৌ সিদিনালৈকে। টাচেক হ্ৰদ ১৮৯৭ চনৰ বৰভূঁইকঁপত সৃষ্টি হৈছিল। পশ্চিম গাৰোপাহাৰ জিলাৰ সদৰ চহৰ তুৰাৰ পৰা ১১০ কিলোমিটাৰ দূৰত অৱস্থিত টাচেক হ্ৰদ নামৰ এই জলাশয়টো। সম্প্ৰতি পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা বুলি জানিব পৰা গৈছে সুদীৰ্ঘকাল ধৰি অনাদৃত হৈ থকা এই হ্ৰদটো।

উল্লেখ্য যে টাচেক হ্ৰদ ১,৫০০ মিটাৰ দৈৰ্ঘ আৰু ৩০০ মিটাৰ বহল। এই টাচেক হ্ৰদটোক ২০১৪–১৬ চনৰ ভিতৰত দেশী–বিদেশী পৰ্যটকসকলক আকৰ্ষণীয় কৰি তোলাৰ অৰ্থে মেঘালয় চৰকাৰে এক সমন্বিত প্ৰচেষ্টা হাতত লৈছিল। বৰ্তমান অসমৰ লগতে দেশৰ অন্যান্য ৰাজ্যৰ পৰাও পৰ্যটকৰ সোঁত বৈছে। টাইৱান, কানাডা আদি বৈদেশিক ৰাষ্ট্ৰৰ পৰা আহিছে পৰ্যটক য’ত হ্ৰদটোৰ মনোমোহা সৌন্দৰ্যত মুগ্ধ হৈ পৰে।

নাপাক য়ুথ ইক’ কালচাৰেল ফ’ৰাম নামৰ স্থানীয় সংগঠন এটাই হ্ৰদটো পৰিচালনাৰ দায়িত্ব পালন কৰিছে। হ্ৰদটোত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। তদুপৰি শীতকালত আগমণ ঘটে অগণন ছাইবেৰিয়ান পৰিভ্ৰমী পক্ষীৰ। ফ’ৰামৰ সভাপতি চিলৰাং মাৰাকে প্ৰকাশ কৰে যে– ৰাজ্য চৰকাৰে যদি হ্ৰদটোৰ বিকাশৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে তেনেহ’লে অঞ্চলটোলৈ দেশী–বিদেশী পৰ্যটকেৰে ভৰি পৰাটো খাটাং। কিয়নো এই হ্ৰদটোৰ কাষেৰে অতিক্ৰম কৰিছে নৱনিৰ্মিত জেংজাল–শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ। গতিকে পৰ্যটকে যাতায়তৰ ক্ষেত্ৰত কোনো ধৰণৰ কষ্ট অনুভৱ নকৰিব।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward