Saturday, April 20, 2024
Homeবাতৰিবৰ্ষটোৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ

বৰ্ষটোৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

বৰ্ষটোৰ প্ৰতি নবেম্বৰ মাহত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সময় যদিও এইবাৰ তাৰ ব্যতিক্ৰম ঘটিল। ১ অক্টোবৰত বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি উদ্যান কৰ্তৃপক্ষই বাগৰি আৰু কঁহৰা বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে। এইবাৰ নিৰ্ধাৰিত সময়তকৈ এমাহ আগতে মুকলি কৰি দিলে ৰাষ্ট্ৰীয় উদ্যান। আগতীয়াকৈ উদ্যান মুকলি কাৰ্যই পৰ্যটকৰ মনত আশাৰ সঞ্চাৰ কঢ়িয়াই অনাৰ লগতে পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

অসমৰ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কঁহৰা বনাঞ্চল মুকলি কৰাৰ লগতে বাগৰি বনাঞ্চল মুকলি কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। উক্ত কালছোৱাত বনমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰাই।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ পাচত বনমন্ত্ৰীগৰাকীয়ে ধনশিৰিমুখ জনজাতি হাইস্কুল প্ৰাংগনত গড় সংৰক্ষণৰ ওপৰত আয়োজন কৰা এখন সজাগতামূলক সভাত যোগদান কৰে। এই সভাতে তেখেতে বন্যপ্ৰাণীৰ আক্ৰমণত নিহতজনক পূৰ্বে নিৰ্ধাৰিত ১ লাখ টকাৰ পৰিবৰ্তে ৩ লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে। লগতে কাজিৰঙাৰ ওচৰ–চুবুৰীয়া গাঁওসমূহ উন্নয়ণৰ বাবেও ১কোটি টকা অনুদানৰ কথা ঘোষণা কৰে। বিভাগীয় মন্ত্ৰীৰ এই ঘোষণাই কাজিৰঙাবাসীক আনন্দিত কৰি তুলিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward