Tuesday, April 16, 2024
Homeবাতৰিছহিদ দিৱসত কনকলতা বৰুৱা–মুকুন্দ কাকতীক স্মৰণ

ছহিদ দিৱসত কনকলতা বৰুৱা–মুকুন্দ কাকতীক স্মৰণ

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ। সমগ্ৰ দেশত স্বাধীনতাৰ প্ৰৱল ঢৌ। পূৰ্ণদ্যোমে অসমতো বলিছে এই ঢৌ। ব্ৰিটিছ ৰাজৰ গহপুৰ থানাত উৰি থকা পতাকাখন নমাই তাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ প্ৰাণ আহুতি দিছিল অসমৰ স্বাধীনতা সেনানী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতী। এই দিনটোকে সমগ্ৰ দেশবাসীয়ে ছহিদ দিৱসৰূপে পালন কৰি আহিছে। স্বাধীনতা আন্দোলনত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰঙ্গনা দুগৰাকীৰ ত্যাগক গভীৰ শ্ৰদ্ধা নিবেদন কৰে আজিৰ এই ছহিদ দিৱসত।

সমগ্ৰ দেশৰ লগতে অসমতো গহপুৰবাসীয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰে ছহিদ দিৱস। উল্লেখ্য যে, বৰঙাবাৰীৰ ছহিদ কনকলতা বৰুৱা সমাধি ক্ষেত্ৰত অনুষ্ঠিত ছহিদ দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে ছয়দুৱাৰ আঞ্চলিক জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদৰ সভাপতি কমলজিৎ দত্তই। দিনৰ দহ বজাত বৰঙাবাৰীৰ পৰা গহপুৰলৈ উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে যুৱ–ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। আবেলি মুকলি সভাত বিশ্বনাথ জিলা যুৱ–ছাত্ৰ পৰিষদৰ সভাপতি দিব্যজ্যোতি বৰুৱাই সভাপতিত্ব আৰু জিলা সম্পাদক নাছিৰ আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন আনুষ্ঠানিকভাৱে মুকলি কৰে যুৱ–ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ–সভাপতি হেম গোস্বামীয়ে।

পুৱাৰ ভাগত দুয়োগৰাকী স্বাধীনতা সেনানী কনকলতা বৰুৱা, মুকুন্দ কাকতীৰ যুগল মূৰ্তি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উদ্‌যাপন সমিতিৰ উপ–সভাপতি গুণ চলিহাই সভাপতিত্ব কৰা দুপৰীয়াৰ মুকলি সভাখন কনকলতা নাট্য মন্দিৰত অনুস্থিত হয়। ৰং তুলিকাৰে বীৰংগনা দুগৰাকীৰ সোঁৱৰণত অন্য এক ব্যতিক্ৰম ধৰমী অনুষ্ঠান আয়োজন কৰে ‘বাটৰ কেনভাছ’এ। যিখন অনুষ্ঠানত বৰেণ্য চিত্ৰশিল্পী ননী বৰপুজাৰী, চম্পক বৰবৰা, উৎপল তালুকদাৰ, পৰেশ ভূঞাকে আদি কৰি প্ৰায় একুৰি ন–পুৰণি শিল্পীয়ে যোগদান কৰি চিত্ৰ অংকন কৰে। উক্ত অনুষ্ঠানতে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাই ‘কনকলতা’ নামৰ শ্ৰব্য কেছেট এটি উন্মোচন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward