Friday, April 19, 2024
Homeবাতৰিমন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাণীৰ কপিলী জনসিঞ্চন প্ৰকল্প পৰিদৰ্শন

মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাণীৰ কপিলী জনসিঞ্চন প্ৰকল্প পৰিদৰ্শন

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীস্থিত কপিলী জলসিঞ্চন প্ৰকল্পত সংঘটিত ২৪ কোটি টকাৰ ব্যাপক কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই। ১৬ ছেপ্টেম্বৰত মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে এক চৰজমিন তদন্তৰ বাবে প্ৰকল্পটোত উপস্থিত হয়। প্ৰকল্পটোৰ নিৰ্মাণতে যে একাংশ অভিযন্তা–ঠিকাদাৰে দূৰ্নীতিত লিপ্ত হৈছিল সেয়া জহিখহি যোৱা কেনেলৰ পাৰ, কালভাৰ্ট সমূহে জ্বলন্ত প্ৰমাণ। ৰাইজৰ স্বাৰ্থক পিঠি দি একাংশ বিষয়া–ঠিকাদাৰৰহ মুনাফা লাভৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল সেয়া কামৰ নমুনাই প্ৰমাণ কৰে। প্ৰকল্পটো স্বচক্ষে প্ৰত্যক্ষ কৰা সময়ত এই মন্তব্য আগবঢ়ায় বিভাগীয় মন্ত্ৰীগৰাকীয়ে। এই দূৰ্নীতি সন্দৰ্ভত স্থানীয় কেইবাগৰাকীও ব্যক্তি–কৃষকৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ সময়ত স্থানীয় কৃষকসকলে বিভাগীয় মন্ত্ৰীগৰাকীক কিছু প্ৰশ্নও সোধা–পোছা কৰে।

উল্লেখ্য যে, এই প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্বত আছিল কংগ্ৰেছ আমোলৰ প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ পুত্ৰ নেকিব সৰকাৰ। প্ৰকল্পটোৰ মূল শ্লুইচগে’টটো প্ৰত্যক্ষ কৰি দুৰ্নীতিত লিপ্ত অভিযন্তা–ঠিকাদাৰ বা বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে, বিভাগীয় মন্ত্ৰী অহাৰ কথা গম পাই জাৱৰ–জোথৰেৰে পৰিপূৰ্ণ হৈ থকা প্ৰকল্পটোৰ মূল শ্লুইচগে’টটোৰ উত্তৰ দিশে থকা কেনেলটো খৰখেদাকৈ পৰিস্কাৰ কৰি খেতি পথাৰলৈ পানী যোগানৰ সু–ব্যৱস্থা কৰে। বিভাগটোৰ এই ভেকোভাওনামূলক কাৰ্যই স্থানীয় লোকসকলক আচৰিত কৰি তোলে।

মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত প্ৰকল্পটোৰ মেৰামতিৰ প্ৰয়োজন আছে আৰু এই মেৰামতিৰ বাবে দহ কোটিৰ প্ৰয়োজন বুলিও দোহাৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পটোৰ মেৰামতিৰ বাবে ২২ কোটি টকা আবণ্টন দিছে যদিও ১৭কোটি টকা এতিয়াও মুকলি কৰি দিয়া নাই। প্ৰকল্প পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া, ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বিষয়া আৰু স্থানীয় কেইবাগৰাকীও ব্যক্তিয়ে। আঁচনি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে স্থানীয় নেতাসকলৰ লগত জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বঙলাত পুনৰ এক আলোচনাত মিলিত হয়।

আলোকচিত্ৰঃ ইষ্টাৰ্ণ ফটো চাৰ্ভিছ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward