Thursday, March 28, 2024
Homeবাতৰিবন বিভাগে উৎখাত কৰিলে চাহ–ৰবৰ খেতি

বন বিভাগে উৎখাত কৰিলে চাহ–ৰবৰ খেতি

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

বি টি এ ডি প্ৰশাসনে উৎখাত কৰিলে ক্ষুদ্ৰ চাহ আৰু ৰবৰ বাগিচা। ঘটনাটো সংঘটিত হয় বি টি এ ডি’ৰ পৰিষদীয় এলেকাৰ কোকৰাঝাৰ জিলাৰ কচুগাঁও বনাঞ্চলত।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, কচুগাঁও বন সংমণ্ডলৰ ছানফান বনাঞ্চলৰ অন্তৰ্গত মাইনাউপুৰ আৰু সুদেমপুৰ বাসিন্দা ৰহেশ্বৰ মুছাহাৰী, পৰেশ নাৰ্জাৰী আৰু সুভাষ নাৰ্জাৰী নামৰ লোককেইজনে এক বৃহৎ এলেকা বন ভূমি বে–দখল কৰে। উক্ত বেদখলীকৃত ভূমিত ৰহেশ্বৰ মুছাহাৰী আৰু পৰেশ নাৰ্জাৰীয়ে চাহ খেতিৰ বিপৰীতে সুভাষ নাৰ্জাৰীয়ে ৰবৰ খেতি কৰিছিল। উক্ত ভূমিত স্থাপন কৰা বাগিচাকেইখন সংমণ্ডলটোৰ অন্তৰ্গত ছানফান ৰেঞ্জ, আটিয়াবাৰী ৰেঞ্জ, চেণ্ট্ৰেল ৰেঞ্জ আৰু প্ৰটেকচন ৰেঞ্জৰ সন্মিলিত এটা বৃহৎ দলে চাহ আৰু ৰবৰ বাগিচাকেইখন উৎখাত কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward