প্ৰকাশিত তাৰিখঃ ১৩ ফেব্ৰুৱাৰী, ২০২৩
কল্প ৰঞ্জন গগৈ –
মধ্যযুগৰ প্ৰথম মুলুকৰ মহান পুৰুষ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮), ইউৰোপৰ মহান মণিষী কাৰ্লমাৰ্ক্স (১৮১৮–১৮৮৩) আৰু ভাৰতবৰ্ষৰ নেপোলিয়ন স্বামী বিবেকানন্দ (১৮৬৩–১৯০২) এই তিনিওজনেই আছিল বিশ্বৰ সাংস্কৃতিক যুদ্ধৰ মহান সৈনিক। তিনিওজনেই বিচাৰিছিল মহাপৰিবৰ্তন আৰু সেয়ে বৰ্তমানৰ বিশ্বায়নৰ যুগত এই তিনিজন হৈছে দিকদৰ্শক জনগণৰ আৰাধ্য দেৱতা।
মহাপুৰুষ শংকৰদেৱৰ মহান বাণী– কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম বা কলিকালত হৰিনাম, মাৰ্ক্সৰ– দাৰ্শনিক সকলে বিভিন্ন ধৰণে বিশ্বৰ ব্যাখ্যাহে কৰিছে। মূল কাম পৰিৱৰ্তন সধা বা স্বামীজীৰ ভৱিষ্যতৰ শূদ্ৰৰ ভাৰত হ’ব লাগিব বেদান্তৰ মগজু আৰু ইছলামৰ দেহৰ দেশ। মধ্যযুগৰ পৰা আধুনিক যুগলৈ বৈ অহা সনাতন সত্যৰ প্ৰকাশ।
ইউৰোপত ধৰ্ম হৈ পৰিল আফিং। একে সময়তে ধৰ্মৰ বিষয়ে স্বামীজীয়ে ক’লে– ধৰ্ম হৈছে মানুহৰ ভিতৰত থকা দেৱত্বৰ প্ৰকাশ (Manifestation of the Divinity existing in Man)।
মাৰ্ক্সে কৈছিল শ্ৰেণী সংগ্ৰাম আৰু বৈজ্ঞানিক সমাজবাদ। স্বামীজীৰ শ্ৰেণী সংগ্ৰাম হ’ল শূদ্ৰ যুগলৈ গতি কৰোতে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য শক্তিৰ/ যুগৰ শ্ৰেণী সংগ্ৰাম। তেওঁৰ সমাজবাদ হ’ল বেদান্তৰ সমাজবাদ য’ত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ শক্তিৰ সমন্বয়।
অসমৰ পৰিস্থিতিত মহাপুৰুষ শংকৰদেৱ, ইউৰোপত কাৰ্লমাৰ্ক্স আৰু ভাৰতবৰ্ষত স্বামী বিবেকানন্দ। এই তিনিওজন একেই পথৰ পথিক। শংকৰদেৱ আৰু বিবেকানন্দ দুটা ভিন্ন সময়ৰ ব্যক্তি হ’লেও দুয়োজনৰ মূল লক্ষ্য আধ্যাত্মিক পৰিৱৰ্তন আৰু মাৰ্ক্সৰ মতে বস্তুজগতৰ পৰিবৰ্তন। সেয়ে বোধহয় কবিগুৰু ৰবীন্দ্ৰনাথৰ মতে পূৱ পূৱেই আৰু পশ্চিম পশ্চিমেই (East is East and West is West and never the twain shall meet)। দুয়োটা লগ হ’ব নোৱাৰে।
আজি একৈশ শতিকাত এই তিনিজনক বিফল বিদ্ৰোহী বুলি কম নে আহি থকা নতুন যুগৰ অগ্ৰিম প্ৰতিনিধি বুলি কম? পৃথিৱীখন বেলুনৰ দৰে ফুলি পুনৰ আগৰ নুফুলা ৰূপ ল’বগৈ নেকি? (Expanding world on contracting World)?
মানৱ সভ্যতা আগবাঢ়ি যাওঁতে বৰ্তমানৰ ঐতিহাসিক স্তৰত আদিম বৰ্বৰ যুগৰ অসভ্যালিবোৰক চূড়ান্ত আৰু চৰম বুলি গ্ৰহণ কৰিম নে পুৰণি যুগৰ ভালত্বখিনিৰে নতুন যুগৰ ভালত্ব প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা চলাম?
ইতিহাসৰ চালিকা শক্তি হৈছে জনগণ। ৰজা–মহাৰজাৰ ইতিহাস দিন গ’ল। সেই ইতিহাস ভেদনীতিৰ ওপৰত প্ৰতিষ্ঠিত। বৰ্তমানৰ গোলকীয় অসভ্যালিবোৰক বিদায় দিবলৈ জনতাই হাতে কামে যুঁজিব লাগিব।
বৰ্তমানৰ বৈশ্য যুগৰ পৰা শূদ্ৰ যুগলৈ উত্তৰণৰ বাবে সমগ্ৰ বিশ্বই এক ঐতিহাসিক সংগ্ৰামৰ মাজেদি গতি কৰিছে। খেল–ধেমালিৰ পৰা আৰম্ভ কৰি দূৰদৰ্শন হৈ ছপা মাধ্যমলৈ বৰ্তমানৰ ৰাজনীতি–অৰ্থনীতিৰ প্ৰতিফলন ঘটিছে য’ত গণশিক্ষা হৈ পৰিছে গৌণ। বনিয়াৰ যুগত ধন ঘটাৰ লগতে অৰ্থনৈতিকভাৱে নিজকে সংৰক্ষণৰ প্ৰচেষ্টা। ইয়াৰ ভিতৰতে সোমাই আছে আনক ধ্বংস কৰাৰ ইচ্ছা বা মিশ্যন। কিন্তু সমাজখনেই যদি ধ্বংস হৈ যায় মোৰ ৰক্ষা ক’ত?
কুৰি শতিকাৰ ৯০ দশকত কোৱা হ’ল– বিশ্বৰ ইতিহাস খতম। মানে সমাজতন্ত্ৰ দস্যুৰ দিন শেষ। তথাপিও শংকৰদেৱৰ হৰি নামৰ পৰা মাৰ্ক্সৰ বৈজ্ঞানিক সমাজবাদ আৰু বিবেকানন্দৰ আধ্যাত্মিক সমাজবাদৰ নাম আমি লৈয়েই থাকিম। যুঁজ চলি থাকিব– উত্তৰ সময়ে দিব। অসভ্যালিবোৰৰ বিৰুদ্ধে মানুহে থিয় দিবই লাগিব। ৰাজনৈতিক বুনিয়াদ অবিৰতভাৱে বিকাশশীল হৈ থাকিবলৈ জনগণৰ প্ৰচেষ্টাহে মূল কথা। অভিমুখ গঢ়িবলৈ মানুহ গঢ়াৰ শিক্ষা অপৰিহাৰ্য।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ