Tuesday, April 23, 2024
HomeNEWSদক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ২৯সংখ্যক প্ৰতিষ্ঠা দিৱস 

দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ২৯সংখ্যক প্ৰতিষ্ঠা দিৱস 

প্ৰকাশিত তাৰিখঃ ১৪ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ২৯সংখ্যক প্ৰতিষ্ঠা দিৱস ১৩ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে সংগঠনটোৰ নিজ কাৰ্যালয় খটিয়ামাৰীত অনুস্থিত হৈ যায়। সভাৰ কাৰ্যসূচী অনুসৰি– ৰাতিপুৱা পতাকা উত্তোলন কৰে মঞ্চৰ স্থায়ী সভাপতি তিলক গোস্বামীয়ে। সমবেত সংগীত পৰিৱেশন কৰে আভা ঠাকুৰীয়া কলিতা আৰু সংগীবৃন্দই। বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি বিপিন চন্দ্ৰ কলিতাই আৰু স্মৃতি তৰ্পন কৰে উপ–সভাপতি ড নগেন কলিতাই।

পিচৰ কাৰ্যসূচীৰ স্ব–ৰচিত কবিতা পাঠ অনুষ্ঠানটো সঞ্চালনা কৰে মঞ্চৰ প্ৰবীণ সদস্য যোগেশ কুমাৰ কলিতাই।

দুপৰীয়া অনুষ্ঠিত মুকলি সভাৰ পৌৰহিত্য কৰে তিলক চন্দ্ৰ গোস্বামীয়ে। এই সভাতে মঞ্চৰ দ্বাৰা প্ৰকাশিত কাব্য সংকলন ‘অনুভৱ’ৰ তৃতীয় সংখ্যা উন্মোচন কৰে সদস্যা মোহিনী বালা দাসে। অনুষ্ঠানত মোহন চন্দ্ৰ দাসৰ উপন্যাস ‘মেঘ মুক্তি’ ড নগেন কলিতাই, শৰৎ ঠাকুৰীয়াৰ কাব্য সংকলন ‘মন পথাৰৰ শইচ’ মঞ্চৰ সম্পাদক ৰণ্‌জিত চৌধুৰীয়ে আৰু মমত মজুমদাৰৰ কাব্য সংকলন ‘শব্দ, সুগন্ধি আৰু নদী’ উন্মোচন কৰে অমিয় কুমাৰ কলিতাই।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward