Friday, April 26, 2024
Homeবাতৰিৰাজ্যখনত দলিলৰ নাটনিঃ সাধাৰণ জনতাৰ জ্বলা–কলা

ৰাজ্যখনত দলিলৰ নাটনিঃ সাধাৰণ জনতাৰ জ্বলা–কলা

প্ৰকাশিত তাৰিখঃ ২ নৱেম্বৰ, ২০২

চি এন ডেস্ক

আমাৰ ৰাজ্যখনত খাদ্য সামগ্ৰীৰ নাটনি, ঔষধ–সাৰৰ নাটনি, খোৱা পানীৰ নাটনিতে শেষ হোৱা নাই। এটাৰ পাছত আন এটা নাটনি ৰাজ্যখনত যোগ হৈয়েই আছে। এতিয়া ৰাজ্যখনত নাটনিয়ে এটা ভয়ংকৰ ৰোগৰ দৰেই হৈ পৰিছে। সম্প্ৰতি ৰাজ্যখনত দলিলৰ নাটনি পৰ্ব চলি আছে।

যোৱা ২৮ অক্টোবৰৰ কামৰূপ গ্ৰাম্য জিলা সদৰৰ ঘটনা– প্ৰায় ত্ৰিশ বছৰীয়া যুৱক এজনৰ নিজৰ নামটোত থকা বিসংগতিৰ বাবে এফিডেফিটৰ প্ৰয়োজন। সেয়ে তেওঁ জিলা সদৰ আমিনগাঁওলৈ আহিছিল এফিডেফিটৰ কাৰণে। আনহাতে, নগৰবেৰাৰ পৰাও এজন আদহীয়া লোক আহিছিল তেখেতৰ মাটি–বাৰীত নাম খেলি–মেলি থকাৰ বাবে এফিডেফিটৰ বাবে। কিন্তু আমিনগাঁও আহি পোৱাৰ পাছত তেওঁলোকৰ মুৰত সৰগ ভাঙি পৰিল। এফিডেফিট কৰিবলৈ ক’ৰ্টৰ ভেণ্ডৰসকলৰ ওচৰত দেখোন দলিলৰ নাটনি।  

উল্লেখনীয় যে, মাটি–বাৰী ক্ৰয়–বিক্ৰয়, পঞ্জীয়ন, এফিডেফিটকে আদিকৰি বিভিন্ন ধৰণৰ আইনী প্ৰক্ৰিয়াত দলিলৰ প্ৰয়োজন। কিন্তু ৰাইজৰ প্ৰয়োজন পূৰাবলৈ সম্প্ৰতি ১, ২, ৫, ১০, ২০, ৫০, ১০০ টকীয়া দলিলৰ তীব্ৰ নাটনি। এতিয়া ভেণ্ডৰসকলৰ হাতত একমাত্ৰ ৫০০ টকীয়া দলিলখনহে পোৱা যায়। বিশেষকৈ কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা দুখনত দলিলৰ সৰ্বাধিক নাটনি হোৱা বুলি জানিব পৰা গৈছে। জিলা দুখনৰ সদৰ গুৱাহাটী আৰু আমিনগাঁওত দলিলৰ নাটনিয়ে দেখা দিয়াৰ লগেলগে মহকুমা আৰু ৰাজহ কাৰ্যালয় সমূহতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। ৰাজ্যখনৰ অন্যান্য জিলাৰ পৰা দলিল আনি কাম–কাজ অব্যাহত ৰাখিব লগীয়া হৈছে।

ইপিনে, প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে ৰাজ্যত দলিলৰ এখন ক’লা বজাৰ গঢ়ি উঠিছে। দলিলৰ নিয়ন্ত্ৰণ এই ক’লা বেপাৰীসকলৰ হাতত থকাত এতিয়া ৰাইজে বহু দাম ভৰি এখন দলিল কিনিব লগা হৈছে। গুৱাহাটীৰ কাছাৰী আৰু আমিনগাঁৱত ভেণ্ডৰসকলৰ ওচৰত ১০ টকীয়া দলিলত ৫০ টকা, ২০ টকীয়াত ৮০ টকা, ৫০ টকীয়াত ১৫০ টকা, ১০০ টকীয়াত ২৫০ টকাত বিক্ৰী হৈ আছে। ১০ টকাৰ ক’ৰ্ট ষ্টাম্প ফী কিনিলেও ১৫–২০ টকা দাম ভৰিবলগা হৈছে। অৱশ্যে, ভেণ্ডৰসকলে গ্ৰাহকৰ মুখ চাই দলিলৰ উল্লিখিত দামতকৈ অধিক লোৱাও দেখা গৈছে।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward