Saturday, May 18, 2024
HomeARTICLEবৰদুৱাৰ চাহ বাগিচাৰ ৰামচন্দ্ৰ জঙাগুৰী পাহাৰ পৰ্যটকৰ কেন্দ্ৰবিন্দু হ’ব পাৰে

বৰদুৱাৰ চাহ বাগিচাৰ ৰামচন্দ্ৰ জঙাগুৰী পাহাৰ পৰ্যটকৰ কেন্দ্ৰবিন্দু হ’ব পাৰে

প্ৰকাশিত তাৰিখঃ ২০ নৱেম্বৰ, ২০২৩ 

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা 

দক্ষিণ কামৰূপ জিলাৰ বৰদুৱাৰ চাহ বাগিচাৰ সোঁ মাজত আৰু মিৰ্জা চানডুবি পথৰ নাতি দূৰত অৱস্থিত এখন সৰু পাহাৰ। এই পাহাৰখন বৰ্তমান ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাধীন। মিৰ্জাৰ পৰা পাহাৰখনৰ দূৰত্ব ২৩ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ৫৪ কিলোমিটাৰ। সেউজীয়া পৰিবেশেৰে পৰিপূৰ্ণ সৰু পাহাৰখনৰ উচ্চতা প্ৰায় পাঁচশ মিটাৰ। সেয়ে পাহাৰখনক মানুহে পৰ্বত বুলিও কয়। মানুহে জঙাগুৰীক পাহাৰ বা পৰ্বত বুলি কৈ আহিলেও প্ৰকৃতে ই এটা চূড়া বা টিলাহে। এই টিলাটো অকলশৰীয়া, ইয়াৰ লগত কোনো পাহাৰৰ সংযোগ নাই। টিলাটোৰ চাৰিওফালে চাহ বাগিচা। কিন্তু মানুহে টিলাৰ সলনি পাহাৰ বুলিহে স্বীকৃতি দি আহিছে। সেয়ে টিলাটোক– ৰামচন্দ্ৰ, জঙাগুৰী বা জমাগুৰী পাহাৰ কয়। সৰু হ’লেও পাহাৰখনত বিভিন্ন আকাৰৰ শিল, গছ–লতিকা, সৰীসৃপ প্ৰাণী আদি প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। ঐতিহ্যমণ্ডিত এই পাহাৰখনৰ নাম সৃষ্টিৰ আঁৰতো বিভিন্ন জনশ্ৰুতি পোৱা যায়। জনশ্ৰুতি মতে– এই অঞ্চল ৰামায়ণ খ্যাত বালি–সুগ্ৰীৱৰ  কিস্কিন্দা ৰাজ্য আছিল। সীতা উদ্ধাৰ অভিযানত ৰামচন্দ্ৰই কিস্কিন্দা ৰাজ্যৰ এইখন পাহাৰতে আশ্ৰয় গ্ৰহণ কৰি বান্দৰ বীৰ সুগ্ৰীৱৰ সহায় ভিক্ষা মাগিছিল। কিন্তু বালি জীয়াই থাকিলে সুগ্ৰীৱে ৰামচন্দ্ৰক সহায় কৰিব নোৱাৰে বুলি কৈছিল। সেয়ে বালি বধৰ ভাওনা পাতিছিল। ফলস্বৰূপে এইখন পাহাৰতে বালি আৰু সুগ্ৰীৱৰ তয়া–ময়া যুঁজ হৈছিল। আৰু এই যুঁজত বালিক শঁড়বিদ্ধ কৰি বধ কৰিছিল। আজিও পাহাৰখনৰ কাষেৰে বৈ যোৱা সৰু জুৰিটিৰ পানী ৰঙচুৱা ৰূপত দেখা যায়। এয়া শঁড়বিদ্ধ বান্দৰ বীৰ বালিৰ তেজ বৈ অহাৰ কাৰণে জুৰিটিৰ পানী ৰঙচুৱা হোৱা বুলি জনবিশ্বাস আছে। সীতা উদ্ধাৰ অভিযানত ৰামচন্দ্ৰক সহায় কৰিবলৈ বান্দৰ, ভালুক, নল–নীলকে আদিকৰি অগণন জীৱ–জন্তু এইখন পাহাৰৰ গুৰীতে জুম লাগিছিল। পাহাৰখনত ৰামচন্দ্ৰই আশ্ৰয় গ্ৰহণ কৰাৰ বাবে ‘ৰামচন্দ্ৰ’ আৰু ৰামচন্দ্ৰক সহায়ৰ উদ্দেশ্যে বনৰ জীৱ–জন্তুৰ জাক জুম লগা বাবে ‘জমাগুৰী’ বুলি কৈছিল। আনহাতে, শংকুৰ দৰে জোঙা হোৱা বাবে ‘জঙাগুৰী’ বুলিও কৈছিল। পৰৱৰ্তী সময়ত– ৰামচন্দ্ৰ জমাগুৰী অথবা ৰামচন্দ্ৰ জঙাগুৰী পাহাৰ নামেৰে জনাজাত হৈ পৰিল।

উল্লেখযোগ্য যে, আজিৰ ৰামচন্দ্ৰ পাহাৰখনক অধিক প্ৰাসংগিক কৰি তোলা মূল মানুহজনেই আছিল বীৰন্দ্ৰপুৰী মহাৰাজ বীৰেন্দ্ৰপুৰী সুদূৰ মধ্য প্ৰদেশৰ জব্বলপুৰৰ পৰা আহিছিল। ১৯৫৪ চনত বাবাজীৰ ৰূপত মধ্য প্ৰদেশৰ পৰা অহা লোকজনে এইখন পাহাৰতে থিতাপি লৈছিল। বীৰেন্দ্ৰপুৰীৰ জন্ম হৈছিল ১৯২৬ চনৰ ১৩ এপ্ৰিলত মহাৰাষ্ট্ৰৰ ৰত্নগিৰিৰ এটি ব্ৰাহ্মণ পৰিয়ালত। বম্বে’ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী মাধ্যমত মেট্ৰিক আৰু ইণ্টাৰমিডিয়েট পৰীক্ষা উত্তীৰ্ণ হোৱা বীৰেন্দ্ৰপুৰীয়ে সৈন্য বাহিনীত ভৰ্তি হৈ ১৯৪৪–১৯৪৮ চনলৈ সেৱা আগবঢ়াইছিল। সৈন্য বাহিনীৰ চাকৰি বাদ দি ঠিকা–ঠুকলিৰ কাম কৰিছিল। যদিও সেই কামতো তেখেতে মনপুতি কৰিব পৰা নাছিল। সেয়ে তেওঁ ১৯৫৪ চনত প্ৰখ্যাত ধৰ্মগুৰু বসন্তপুৰীৰ ওচৰত দীক্ষা লৈ ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰিছিল। তীৰ্থ ভ্ৰমণৰ অন্তত সন্যাসী সমাজে তেখেতক এক ‘সন্যাসী পৰিক্ৰমা’ পালনৰ নিৰ্দেশ দিছিল। সেই সূত্ৰে তেখেতে ১৯৫৪ চনৰ বৌদ্ধ পূৰ্ণিমাত অসমৰ জমাগুৰীত পাহাৰত আশ্ৰয় গ্ৰহণ কৰিছিল। এইখন পাহাৰত ধ্যানমগ্ন হোৱা বাবাজনে সুদীৰ্ঘ ১২ বছৰ পিছত দিব্যজ্ঞান লাভ কৰিছিল।

আজিৰ পৰা ৬৮ বছৰ আগতে ককালত নামমাত্ৰ বস্ত্ৰ পৰিধান কৰা এজন অচিনাকীলোকে হাবি-জংঘলেৰে পৰিপূৰ্ণ পাহাৰখনত থিতাপি লোৱাৰ খবৰে অসন্তুষ্ট কৰি তুলিছিল চাহ বাগিচাৰ মালিক পক্ষক। সেয়ে মালিক পক্ষই যিকোনো প্ৰকাৰে এই লোকজনক পাহাৰখনৰ পৰা আঁতৰাই পঠিয়াবলৈ চেষ্টা চলাইছিল। লগতে মানুহজনৰ দৈনন্দিন গতিবিধি নিৰীক্ষণৰ বাবে মালিক পক্ষই চোৰাংচোৱাও নিয়োগ কৰিছিল। তেওঁলোকে মালিক পক্ষক সন্দেহজনক মানুহজনৰ বিষয়ে দিন–ৰাতিৰ গতিবিধিৰ খতিয়ান দিছিল। এদিনৰ কথা– দুপৰ নিশা সকলো নিতাল মৰাৰ সময়ত চোৰাংচোৱা কেইজনে মানুহজনৰ নিয়মীয়া গতিবিধি নিৰীক্ষণৰ বাবে আহিছিল। তেওঁলোকে দেখিছিল– মানুহজনে প্ৰকাণ্ড শিলাখণ্ড এচতাত বহি জুই পুৱাই আছিল। কিন্তু তাতোকৈ আশ্চাৰ্যজনক কথাটো হ’ল– মানুহজনৰ একাষে এটা প্ৰকাণ্ড ক’লা ভালুক আনফালে এটা ক’লা কুকুৰ আছিল। কাৰো প্ৰতি অন্যায়ৰ ভাৱ নথকা তিনিওটা জীৱই একেলগে জুই পুৱাই আছিল। এক আশ্চাৰ্যজনক ঘটনা দেখি ভয়ত পেপুৱা লগা চোৰাংচোৱা কেইজনে ততালিকে সেই ঠাই ত্যাগ কৰিছিল। তেওঁলোকে মানুহজনৰ আশ্চাৰ্ষজনক কাণ্ডৰ বিষয়ে বাগিচাৰ পৰিচালক আৰু মালিকক অৱগত কৰিছিল। ইপনে– মানুহজনৰ এই আশ্চাৰ্যজনক কাণ্ডই ঘুনুক–ঘানাককৈ চাৰিওফালে বিয়পি পৰিল। লগে লগে মানুহজনৰ ওচৰত অনুসন্ধিৎসু লোকৰ সোঁত ব’বলৈ ধৰিলে। ৰাইজে মানুহজনলৈ খাদ্য, বস্ত্ৰ আদিৰো যোগান ধৰিছিল। ইপিনে বাধ্যত পৰি বাগিচাৰ মালিক পক্ষইয়ো এখন সৰুকৈ টিনৰ চালি নিৰ্মাণ কৰি দিছিল। মানুহজনৰ আশ্চৰ্যজনক কাণ্ডৰ বিষয়ে শুনি বাগিচাৰ মালিকপক্ষ কিছু নৰম হৈছিল। যদিও, সেই ভূমিত মানুহজন স্থায়ীভাৱে থকাতো মনেপ্ৰাণে বিচৰা নাছিল। আনকি বহু সময়ত সেই ঠাইৰ পৰা মানুহজনক উচ্ছেদ কৰিবলৈ বিভিন্ন কূট–কৌশল ৰচি আছিল। দূৰ্ভাগ্যজনকভাৱে এটি জুপুৰী নিৰ্মাণৰ জোখাৰে প্ৰয়োজন হোৱা এডোখৰ মাটি পাবলৈও মানুহজনে বাগিচাৰ মালিকপক্ষৰ ওচৰত অনশন কৰিব লগা হৈছিল। যদিও, তেখেতৰ অনশনে মালিকপক্ষৰ মন গ’লাব পৰা নাছিল। শোকত ম্ৰিয়মান হৈ পৰা মানুহজনে এসময়ত সেই ঠাইখন ত্যাগ কৰি অনাই–বনাই ঘুৰি ফুৰিছিল। যদিও, স্থানীয় হৰিচৰণ কছাৰীৰ নেতৃত্বত আৰু ভক্তপ্ৰাণ ৰাইজৰ তৎপৰতাত সেই ঠাইতে আশ্ৰমখনে প্ৰাণ পাই উঠিছিল। বীৰেন্দ্ৰপুৰী মহাৰাজ, হৰিচৰণ কছাৰী দুয়োজন ভক্তই ইহজগতত নাই। ২০০৫ চনৰ ১৫ জুলাইত বীৰেন্দ্ৰপুৰী আৰু একে বৰ্ষৰ ৮ চেপ্টেম্বৰত হৰিচৰণ কছাৰী পৰলোকগামী হয়।

সবাতোকৈ আনন্দৰ কথা- বীৰেন্দ্ৰপুৰী মহাৰাজৰ মাতৃভাষা হিন্দী আছিল যদিও ইংৰাজী মাধ্যমত পঢ়াশুনা কৰিছিল। হিন্দী–ইংৰাজীৰ লগতে তেখেতে মাৰাঠী, সংস্কৃত, বেংগলী, গুজৰাটী, পাঞ্জাৱী, উৰ্দু আদি ভাষাও সলসলীয়াকৈ কোৱাৰ লগতে লিখিবও পাৰিছিল। অসমত থকা কালছোৱাতে তেখেতে অসমীয়া ভাষা আৰু লিপি সম্পূৰ্ণকৈ আয়ত্ত কৰি লৈছিল। অসমীয়া ভাষা–লিপি শিকাৰ প্ৰধান কাৰণ হ’ল– তেখেত মাধৱদেৱৰ নামঘোষাৰ একান্ত ভক্ত আছিল। নামঘোষাৰ ভক্তি ৰসে আকৃষ্ট কৰি তোলাৰ তত্ব সমূহ নিজে পঢ়িবলৈ বীৰেন্দ্ৰপুৰীয়ে অসমীয়া ভাষা আৰু লিপি সম্পূৰ্ণৰূপে আয়ত্ত কৰি লৈছিল। বহল ভাষাত তেখেতক নামঘোষাৰ প্ৰচাৰক বুলিও কোৱা হয়। কিয়নো তেখেতৰ মধ্যপ্ৰদেশৰ জব্বলপুৰত থকা বজ্ৰাঙ্গ মঠত নিয়মীয়াকৈ নামঘোষা পাঠ চলিছিল। ১৯৭২ চনৰ পৰা সেই মঠত নামঘোষা পাঠৰ যি প্ৰচলন আৰম্ভ হ’ল সেই ধাৰাবাহিকতা আজিও বৰ্তি আছে। দিন–ৰাতি চলা নামঘোষা পাঠৰ ভক্তি ৰস দেশৰ বিভিন্ন ভক্তই গ্ৰহণ কৰিছিল। আজিও সেই ব্যৱস্থা সমূহ একে ৰূপতেই বৰ্ত্তি আছে। ৰামচন্দ্ৰ পাহাৰত– ৰামশিলা, ধ্যান শিলা, হনুমান মন্দিৰ, স্বামী মহাৰাজৰ থাপনা, পদশিলা, গণেশ শিলা, ৰামৰ আসন, হৰ–গৌৰী থান, বালি ৰজাৰ আসন, খাছিয়া–খাছিয়ানী গোঁসানী আদি শিলা আছে। এই শিলাবোৰ আৱিস্কাৰৰ ক্ষেত্ৰত তেওঁৰ অৰিহণা হিচাপ কৰিব নোৱাৰি। 

অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল– ৰামচন্দ্ৰ জঙাগুৰী পাহাৰ আজিও প্ৰাকৃতিক সম্পদেৰে বিশেষকৈ মূল্যবান শিলেৰে পৰিপূৰ্ণ। সেউজ পৰিবেশে আৱৰা প্ৰাকৃতিক সম্পদ ভৰপূৰ এই পাহাৰখনক এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তুলিব পৰা প্ৰচুৰ সম্ভাৱনা আছিল। যদিও, পাহাৰখন পৰ্যটনৰ পৰিৱৰ্তে শিলৰ বাবেহে গুৰুত্ব বাঢ়ি গৈছে। সেয়ে ১৯৫৪ চনত প্ৰতিষ্ঠালাভ কৰা বনাশ্ৰমখন পাহাৰখনৰ পৰা আঁতৰাই তাত এটি শিলৰ কোৱেৰী খোলাৰ কাৰণে চাহ বাগিচাৰ মালিকপক্ষই ভিতৰি ভিতৰি যো–যা চলাই আছিল। আনকি পাহাৰখনত বন, ৰাজহ বিভাগ আৰু মালিকপক্ষই যুটীয়াভাৱে জৰীপ কাৰ্যও সমাপন কৰিছিল। কিন্তু এই ষড়যন্ত্ৰ এসময়ত ফাদিল হৈ পৰিছিল। ইয়াৰ লগে লগে বনাশ্ৰমৰ ভক্ত আৰু অঞ্চলবাসী ৰাইজ প্ৰতিবাদ মুখৰ হৈ উঠিছিল। বিগত বৰ্ষত পাহাৰখনৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু বনাশ্ৰমখন জীয়াই ৰাখিবলৈ ভক্তগণৰ লগতে অঞ্চলবাসী ৰাইজে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। মালিকপক্ষই সেই দিনতে পাহাৰখনৰ পৰা বনাশ্ৰমখন উচ্ছেদৰ বাবে ৰচনা কৰা ষড়যন্ত্ৰ আজিও শেষ হোৱা নাই। জৈৱ–বৈচিত্ৰ্য সুৰক্ষাৰ স্বাৰ্থত আমি পাহাৰখনক সেউজীয়া ৰূপত ধৰি ৰাখিবই লাগিব। সেয়ে চাহ বাগিচাৰ মালিকপক্ষৰ ষড়যন্ত্ৰত হাত উজান দিয়া স্থানীয় অৰ্থলোভী বেপাৰী, দালালসকলক ৰাইজেই ওফৰাব লাগিব। আৰু পাহাৰখনক অধিক সেউজীয়া ৰূপত সংৰক্ষণ কৰি এক আকৰ্ষণীয় ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ গঢ়িব তুলিব লাগিব। এই গধুৰ দায়িত্বৰ বোজা ৰাইজেই বহন কৰিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title News: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward