Thursday, May 2, 2024
HomeARTICLEকিতাপ পঢ়াটো কিয় এৰিলি?

কিতাপ পঢ়াটো কিয় এৰিলি?

প্ৰকাশিত তাৰিখঃ ১৩ নৱেম্বৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

কিতাপ হৈছে তত্ব আৰু তথ্যৰ ভঁৰাল। তত্বৰ লগতে ইয়াৰ অনুশীলনৰ দিগদৰ্শক। অতীত, বৰ্তমানৰ লগতে ভৱিষ্যতৰ গতি নিৰ্ধাৰক। বুৰঞ্জী যেনেদৰে অতীতৰ তথ্যৰ ভঁৰাল, সাহিত্য তেনেদৰে সমাজখনৰ দাপোন। অৰ্থনীতি যিদৰে বিত্তৰ লগত সম্পৰ্ক, সাহিত্য সেইদৰে সমাজৰ প্ৰকৃত অৱস্থাৰ ছবি। উদাহৰণ হৈছে বিত্তীয় শক্তিৰে শক্তিমান এখন ৰাজ্য সামাজিকভাৱে দেওলীয়াও হ’ব পাৰে, সাংস্কৃতিক দিশত ঘূণীয়া হ’ব পাৰে, মানসিকভাৱে ঘূণীয়া হ’ব পাৰে। ভাল কিতাপ এখনে দৰ্শন দিয়ে, মানুহক অভিমুখ দিয়ে। (কিতাপ পঢ়াটো কিয় এৰিলি)

অসমত ১৫ শতিকাতে শ্ৰীমন্ত শংকৰে জাতিটোক সুসংহত ৰূপত গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল পুথিপঢ়া আন্দোলন। তাৰ বাবে নামঘৰ–থাপনা–জ্ঞানৰ অক্ষয় বন্তি। A permanent revolution for developing knowledge– a value education for Man–Making, Character Building and in the end Nation Building। মধ্যযুগৰ গুৰু নানকজীৰ পৰা পৰৱৰ্তী পৰ্যায়ত পৰাধীন ভাৰতত স্বামী বিবেকানন্দলৈ (১৮৬৩–১৯০২)।

উপনিৱেশোত্তৰ ভাৰতবৰ্ষত যোৱা ৭৬ বছৰে ই কেনেদৰে আগবাঢ়িলে আৰু বৰ্তমান অসমত ই কি ৰূপত আছে তাক সকলোৱে দেখা পাই আছে। শিক্ষা–সংস্কৃতিৰ দিশত যি অৱক্ষয় তাৰ সমাধান দিব লাগিব শিক্ষা ব্যৱস্থাই।

বিশ্বৰ লগতে ভাৰতবৰ্ষৰ ধীমান সকলে পথবোৰ দি যোৱা সত্বেও বৰ্তমানৰ অৱক্ষয়বোৰ কিয়? সেই প্ৰশ্ন আগত ৰাখি কেনেকৈ ইয়াক নতুন ৰূপ দিব লাগিব সেয়াহে আজি প্ৰাসংগিক। বেমাৰ চিকিৎসা কৰিবলৈ হ’লে তাৰ কাৰণ সমূহৰ চিকিৎসা কৰিব লাগিব। বিদেশলৈ নেচাইও দেশৰ ভিতৰতে অৰ্থনৈতিকভাৱে সৱল ৰাজ্যকেইখনো সামাজিক বিকাশত দুখলগা। কিয়? Economically strong but poor social indicators– why? জি ডি পি শক্তিশালী হ’লেও প্ৰকৃত বিকাশৰ দিশত শোকলগা।

মানুহক বিত্তীয় শক্তি লাগিবই, দৈহিক স্বাস্থ্য লাগিবই। একে সময়তে শৈক্ষিক, সাংস্কৃতিক স্বাস্থ্যও লাগিব।

আমাৰ সমাজত এই দুটা শক্তিৰ ভাৰসাম্যৰ অভাৱ। এই ভাৰসাম্যৰ বাবে সঠিক ৰাজনীতিয়ে পৰিচালনা কৰা শিক্ষা ব্যৱস্থা লাগিব। দক্ষতা ও জ্ঞান লাগিব ঠিকেই, কিন্তু জ্ঞান লাভৰ ফলত উপযুক্ত সংস্থাপন পাব লাগিব। সংস্থাপনৰ পিছতো জ্ঞান লাভৰ প্ৰয়োজনীয়তা থাকিব লাগিব। সমাজখনত এই বাতাবৰণ থাকিব লাগিব। কিতাপ, বাতৰিকাকত আদি পঢ়াৰ তাগিদা থাকিব লাগিব। কিতাপ নপঢ়াসকলক সমাজৰ বাবে মূল্যহীন ৰূপে গণ্য কৰি, সমাজখনত কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি ৰাখিব লাগিব।

কথাবোৰ যান্ত্ৰিকভাৱে ক’লেই বা ভাবিলেই নহ’ব। ইয়াৰ নিৰাময় বাবেও এক গণচিন্তা কৰিব লাগিব।

কিতাপৰ লগতে অকিতাপ, কিতাপৰ পঢ়াৰ কাৰ্যসূচীৰ লগতে ইয়াৰ বিপৰীত কাৰ্যসূচীৰ হিৰোসকল কোন, তাক কৰ্তৃপক্ষই নেজানে নেকি? নিশ্চয় জানে, বিশেষকৈ তৃণমূলৰ কাৰিকৰ সকলৰ বিষয়ে নখদৰ্পনত। আজি সদিচ্ছাৰ অভাৱত আৰু লগতে কিছু অজ্ঞতাৰ বাবেও এই শক্তিৰ বিৰুদ্ধে থিয় দিবলৈ পৰা নাই।

ম’দৰ লগতে মাদক দ্ৰব্যৰ পৰিমাণ বঢ়াৰ লগে লগে দুষ্কৃতিকাৰী শক্তিবোৰ বিশেষ ধৰণৰ শক্তি পায় আৰু তেনেকৈ সমগ্ৰ সমাজ ইয়াৰ কৱলত পৰে। পুথিপঢ়া আন্দোলন প্ৰকৃততে দুষ্কৃতি বিৰোধী আন্দোলন।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward