Monday, April 29, 2024
HomeARTICLEধ্বংসৰ আগেয়ে

ধ্বংসৰ আগেয়ে

প্ৰকাশিত তাৰিখঃ ৬ নৱেম্বৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

নিজৰ কৃষক প্ৰজাক দোষী সাব্যস্ত কৰি স্বৰ্গদেউ গৌৰীনাথ সিংহই ১৭৯২ চনত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বনিয়া গোষ্ঠী ইংৰাজ বগা বঙালক ১৯ মাহৰ বাবে অসমখন এৰি দিছিল। যাৰ ফলত ৮০জন কৃষক শ্বহীদ হৈছিল, ম্যুংড্যুনচ্যুনখাম চৰম পতনৰ দিশত গতি কৰিছিল। এক আহোম প্ৰশাসনীয় ব্যৱস্থা বিদেশীৰ আঘাতত থানবান হৈ পৰিছিল। বাণিজ্য চুক্তিৰ সহায়ত দেশ বন্ধকত। তাৰ পৰাই আৰম্ভ হয় দেশৰ ডা–ডাঙৰীয়াৰ বন্ধকী। প্ৰশাসন গ’ল বন্ধকত– জনগণ হৈ পৰিল দাস (Slaves)। (ধ্বংসৰ আগেয়ে)

তাৰেই ফচল স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ বৰফুকনৰ মানৰ দেশলৈ গমন আৰু আক্ৰমণৰ বাবে– দেশ দখলৰ বাবে নিমন্ত্ৰণ।

তাৰ পিছত ধাৰাবাহিকতা ৰক্ষা কৰিয়েই ২৪ ফেব্ৰুৱাৰী ১৮২৬ ইয়াণ্ডাবু সন্ধি। পদ দলিত দাস অসমীয়াৰ দাস সূলভ খলা–বমাময় মানসিকতা। মৰ ঘুমতিত পৰা অসমীয়া আজি পৰ্যন্ত মুক্তি পোৱা নাই। Sleeping Sickness– মৰ ঘুমতিত আক্ৰান্ত অসমীয়া সুস্থিৰ হ’বলৈ কেইশতিকাৰ প্ৰয়োজন হ’ব?

আত্ৰানি কৰিছো এইবাবেই যে বহুধাবিভক্ত অধ্যয়ন বিমূখ, কৰ্মবিমূখ অসমীয়াই কেইশতিকাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ–মাধৱদেৱে দি থৈ যোৱা সাংস্কৃতিক পূঁজিৰ Cultural Capital সহায়ত জাতিৰ নৱজাগৰণ আনিব পাৰিব? জাতিৰ বৰভেটি পুনৰ গঢ়িব?

যিকোনো এখন সমাজক বুজিবলৈ হ’লে তাৰ বস্তুনিষ্ঠ বিশ্লেষন লাগিব। তাৰ বিকাশৰ স্তৰ আৰু লগতে বেমাৰৰ কাৰণ বিচাৰি উলিয়াব লাগিব। Treat the cause of disease and not its symptoms। আজি বেমাৰৰ লক্ষণবোৰৰ ওপৰত চৰ্চ্ছা হোৱাৰ অৰ্থ হৈছে– ‘কেঁচুৱাটোক পৰিস্কাৰ কৰিবলৈ গৈ পানীখিনিৰে সৈতে কেঁচুৱাটোক  পেলাই দিয়া’। Throwing away the baby alongwith the water।

বৰ্তমান বিশ্বৰ যি অৱক্ষয় হৈছে, চাৰিওফালে মাত্ৰাহীন অসভ্যালি হৈছে, যি গোলকটোকে গিলি পেলাইছে। তেনে পৰিস্থিতিত আমাৰ প্ৰতিজন যুক্তিবাদী– বিজ্ঞানমূখী মানুহে ধ্বংসৰ তলি পোৱাৰ আগেয়ে অসীম বীৰত্বৰে এই পাথৰটো মানুহৰ বুকুৰ পৰা আঁতৰাই দিব লাগিব। সমূলঞ্চে ভাগি যোৱাৰ আগেয়ে আমি নৱনিৰ্মাণৰ ব্যৱস্থা হাতত ল’ব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward