Sunday, April 28, 2024
HomeNEWSলোহাৰঘাটত বন বিভাগৰ উচ্ছেদ কাৰ্যৰ বিৰোধীতাৰে পুইজলা–টেঙাখালত ৰাজহুৱা সভা  

লোহাৰঘাটত বন বিভাগৰ উচ্ছেদ কাৰ্যৰ বিৰোধীতাৰে পুইজলা–টেঙাখালত ৰাজহুৱা সভা  

প্ৰকাশিত তাৰিখঃ ৫ নৱেম্বৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

হু ইজ ৰেঞ্জাৰ ছেমিম আখটাৰ, হু ইজ হিমন্তবিশ্ব শৰ্মা? ক’ত থাকে তেওঁলোকে। মাতি আনক তেওঁলোকক আৰু প্ৰশ্ন কৰক আমাৰ মাটিৰ পৰা আমাক কিয় উচ্ছেদ কৰা হৈছে– এক আৱেগিক অথচ গুৰুত্বপূৰ্ণ কথা ব্যক্ত কৰে টেঙাখালৰ জয়দেৱ ৰাভাই। উল্লেখ্য যে, বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগ তুলি পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক বিষয়া ছেমিম আখটাৰে ৩০ অক্টোবৰত সমৰজিৎ ৰাভা, জয়কান্ত ৰাভা, ৰমাকান্ত ৰাভা, প্ৰফুল্ল ৰাভা, দিলীপ ৰাভা এই ৫টা জনজাতি পৰিয়ালৰ ওপৰত এক উচ্ছেদ অভিযান চলাইছিল। সেই অভিযান কালত– এটি ঘৰ, বহুসংখ্যক তামোলৰ গছ, কল, নেমু, আনাৰস আদি কাটি খাস্তাং কৰে। লোহাৰঘাট বন কাৰ্যালয়ৰ এনে কাৰ্যৰ প্ৰতিবাদত ৪ নৱেম্বৰত অঞ্চলটোৰ ৰাইজে পুইজলা–টেঙাখাল খেলপথাৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰে। খোখাপাৰা আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আয়োজিত উক্ত সভাত অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে। উক্ত ৰাজহুৱা সভাখনৰ সভাপতিত্ব কৰে ৰত্নেশ্বৰ ৰাভাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে তপন ৰাভাই।   

উল্লেখযোগ্য যে, এই উচ্ছেদ সন্দৰ্ভত লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া ছেমিম আখটাৰে ব্যক্ত কৰা মতে– উচ্ছেদ কৰা পৰিয়াল কেইটাৰ নাম এইপৰ্যন্ত ঘিলাবাৰী বন অধিকাৰ সমিতিত অন্তৰ্ভূক্ত হোৱা নাই। সেয়ে বনবিষয়া গৰাকীয়ে উক্ত পৰিয়াল কেইটাক বেদখলকাৰী আখ্যা দি তেওঁলোকৰ বাৰীৰ গছ–গছনি সমূহ কটাই নহয় অহা সাত দিনৰ ভিতৰত সেই ভূমি মুকলি কৰি দিবলৈও জাননী প্ৰেৰণ কৰিছে। যদিও– ঘিলাবাৰীৰ খণ্ড বন বিষয়াৰ হ’কে বনৰক্ষী যতীন দাসে চহী কৰা জাননীখনত প্ৰেৰণৰ তাৰিখ উল্লেখ নাই। তেনেক্ষেত্ৰত কোন চনৰ আৰু কোনটো মাহত সাত দিনৰ ভিতৰত বনভূমি খালী কৰিব লাগিব এই সন্দৰ্ভত উচ্ছেদিত পৰিয়াল কেইটাৰ লগতে ৰাইজেও বিপাঙত পৰিছে।

ছয়ানী–বৰদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ৰাজেশ্বৰ ৰাভাই সভাত উপস্থিত থাকি এইদৰে কয় যে– আমাৰ অঞ্চলটোৰ জনজাতীয় মানুহখিনি ১১শতিকাৰ পৰা বসবাস কৰি আহিছে। ঐতিহাসিক পূৰাতত্ব সমল সমূহ তাৰ প্ৰমাণ। সেই সময়তো আমাৰ জনজাতিসকল বনাঞ্চলতে বসবাস কৰিছিল আজিও কৰি আছে। আমাৰ পুৰ্বপুৰুষসকলে বনাঞ্চল সমূহক সুৰক্ষিত কৰি ৰাখিছিল। কিন্তু ১৮২৬ চনত ব্ৰিটিছসকল আহিয়েই আমাৰ মাটি ভাগ ভাগ কৰিলে। ব্ৰিটিছ শাসকসকলে জনজাতি বসতিপ্ৰধান সমগ্ৰ অঞ্চলসমূহক সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভূক্ত কৰিলে। উল্লেখ্য যে, ইংৰাজৰ শাসনৰ সময়ছোৱাতো বনাঞ্চলত বসবাস কৰা জনজাতিসকলে কৰ–কাটল আদায় দি আহিছিল। কিন্তু স্বাধীন দেশৰ চৰকাৰে ১৯৮৩ চনৰ পৰা জনজাতিলোক সকলৰ কৰ–কাটল আদায় লোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। সিমানেই নহয় জনজাতিসকলে বনবিভাগক আদায় দিয়া কৰ–কাটলৰ সকলো নথি–পত্ৰ নিশ্চিহ্ন কৰি পেলাইছে। সেয়ে নথি–পত্ৰ নথকা বনবাসী জনজাতিসকল আজি চৰকাৰৰ দৃষ্টিত বেদখলকাৰী। আমাৰ পূৰ্বপুৰুষসকলে সুৰক্ষিত কৰি যোৱা বনাঞ্চল সমূহতেই আজি আমাৰ অধিকাৰ নাই। আজি সেই ভূমিত বসবাস কৰা জনজাতি পৰিয়াল সমূহক ইচ্ছা কৰিলেই বনাঞ্চলিক বিষয়া এগৰাকীয়ে উচ্ছেদ কৰাৰ ক্ষমতা লাভ কৰিছে। সেয়ে বাৰে বাৰে জনজাতিসকলৰ ওপৰত চলে উচ্ছেদ অভিযান। স্বাধীন দেশৰ নাগৰিকৰো এনে অৱস্থা হ’ব পাৰেনে!

আনহাতে, জনজাতিসকল চৰকাৰ তথা প্ৰশাসনৰ উচ্ছেদৰ সন্মুখীন হৈ অহা বিষয়টো নতুন নহয়। মাত্ৰ প্ৰয়োগৰ কৌশল সমূহহে নতুন। এই বিষয়টোৰ আমি সমাধান বিচাৰিছো– বুলি মন্তব্য কৰে সভাত উপস্থিত থকা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া দেৱজিৎ নাফাই। লোহাৰঘাট বন কাৰ্যালয়ৰ এই কাণ্ডৰ বিৰোধীতাৰে বিভিন্ন পক্ষক স্মাৰক পত্ৰ দিয়াৰ লগতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰি নেকি সেই বিষয় সন্দৰ্ভত চালি জাৰি চাবৰ বাবেও ছাত্ৰনেতা গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়। ইপিনে, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভাই এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়োৱা সভাখনত খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় সভাপতি ৰমেশ মালীও উপস্থিত থাকে।

Title Pix: Chandubi News

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward