Friday, November 22, 2024
HomeNEWSবৃহত্তৰ ৰাণী অঞ্চলত বিশ্ব পৰিৱেশ দিৱস

বৃহত্তৰ ৰাণী অঞ্চলত বিশ্ব পৰিৱেশ দিৱস

প্ৰকাশিত তাৰিখঃ ৬ জুন, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

৫জুন, বিশ্ব পৰিৱেশ দিৱস। চৰকাৰী, বেচৰকাৰীভাৱে আজিৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰি আহিছে। বিশ্ব পৰিৱেশ দিৱসৰ অংশ হিচাপে আজিৰ দিনটোত আমাৰ ৰাজ্যখনতো গুৰুত্বপূৰ্ণ বিভিন্ন কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰে।

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলতো বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰে। এই উপলক্ষে ৰাণীস্থিত ৰাংচাৰী ফাৰ্মাৰচ্‌ প্ৰডিউচাৰ কোম্পানী নামৰ সংস্থাটিয়ে ৰাণী–মাইৰাং পথৰ নালাপাৰা অঞ্চলত বৃক্ষৰোপন কৰে। উক্ত বৃক্ষৰোপন কাৰ্যসূচীত সংস্যাটোৰ সঞ্চালক মণ্ডলীৰ সদস্য অনন্ত কুমাৰ বড়ো, লোহিত কছাৰী, প্ৰকাশ ৰাভা, প্ৰভাত ৰাভা, ৰত্নেশ্বৰ ৰাভা, অৰূপ ৰাভা, সোণটি ৰাভা লগতে মুখ্যকাৰ্যবাহী বিষয়া জাকিৰ হুছেইনে অংশ গ্ৰহণ কৰে।

ৰাণীৰ বেলগুৰীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ কৰ্মচাৰী ধীৰাজ ৰাভায়ো একক প্ৰচেষ্টাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত শিক্ষাৰ্থীলৈ গ্ৰন্থ আৰু গছ পুলি উপহাৰ দিয়ে।

ৰাণী বনাঞ্চলিক কাৰ্যালয়ে নালাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বন বিভাগে এক সভাৰো আয়োজন কৰে। বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰী লগতে অঞ্চলটোৰ প্ৰাথমিক বিদ্যালয় সমূহৰ শিক্ষক–শিক্ষয়িত্ৰীসকলে এই সভাত অংশ গ্ৰহণ কৰে।

উল্লেখনীয় যে, প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি চানডুবি ফটোগ্ৰাফিক ফ’ৰাম নামৰ সংগঠনটোৱে বৃক্ষ ৰোপনৰ এক কাৰ্যসূচী হাতত লৈছে। সংস্থাটোৰ মুখ্য প্ৰশাসক মাটিৰাম ৰাভাই জনোৱা অনুসৰি– আমি পুলিৰ পৰিৱৰ্তে গছৰ গুটিহে ৰোপন কৰিম। কিয়নো পুলিতকৈ গুটি ৰোপন কৰাহে বেছি সুবিধাজনক। তদুপৰি গুটিৰপৰা মেলা গজালি অতি সহজে মৰি যোৱাৰ সম্ভাৱনা নাথাকে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward