Wednesday, October 16, 2024
HomeNEWSখোপদিয়া ৰাইজৰ ন–ভূঁই লগোৱা পৰ্ব

খোপদিয়া ৰাইজৰ ন–ভূঁই লগোৱা পৰ্ব

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ চানডুবি সমষ্টি তথা বৰদুৱাৰ মৌজাৰ অন্তৰ্গত খোপদিয়া গাঁৱৰ ৰাইজে আজি ১ আগষ্টত ন–ভূই লগাইছে। জনজাতি বসতিপ্ৰধান এই গাঁওখনৰ পৰিয়াল প্ৰায় ডেৰশটা। সমূহীয়া ন–ভূঁই পৰ্বৰ বাবে প্ৰতিটো পৰিয়ালৰপৰা পুৰুষ–মহিলা উভয়ে পথাৰলৈ ওলাই গৈছে। এককথাত ৰাইজৰ ন–ভূই লগোৱা পৰ্ব উপলক্ষে গাঁওখনৰ পুৰুষ–মহিলা সকলো পুৱাৰে পৰাই ব্যস্ত হৈ পৰিছিল। পুৰুষসকলে পথাৰখনত হালবাই কঠিয়া পেলোৱাৰ পিছত মহিলাসকলে কেইবাটাও গোটত ভাগ হৈ বগেজাৰী, বিহুগীত গাই বিভিন্ন ৰং–ধেমালিৰে ন–ভূই ৰোৱাৰ কামত নামি পৰে। প্ৰায় তিনিশ গৰাকী পুৰুষ–মহিলা উপস্থিত থকা ৰাজহুৱা পথাৰখনত একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ এটাৰ সৃষ্টি হৈ পৰে।

উল্লেখনীয় যে, খোপদিয়া ৰাইজৰ প্ৰায় ৩৫ বিঘাকৈ নিজ ভূমি আছে। তাৰ ভিতৰত কৃষিভূমি হ’ল ২৭বিঘা। ইপিনে– ৬বিঘা ভূমিত ৩তিনিটাকৈ ৰাজহুৱা পুখুৰীও আছে। পূৰ্বতে ৰাইজৰ কৃষিভূমি চুকানী দিয়াৰ ব্যৱস্থা আছিল। কিন্তু কেইটামান বছৰ ধৰি ৰাইজে নিজে খেতি–বাতি আৰম্ভ কৰিছে। বৰ্তমান খোপদিয়া এখন অৰ্থনৈতিকভাৱে টনকিয়াল গাঁও। গাঁওখনত ঐতিহাসিক এখন কেচাইখাইতী থান আছে লগতে গণেশ মন্দিৰ, গৰখীয়া গোসাঁই ঘৰ আছে। প্ৰতিখন ধৰ্মীয় অনুষ্ঠানৰ বাবে ৰাইজে একোগৰাকীকৈ পূজাৰী নিয়োগ কৰিছে। তাৰবাবে কেচাইখাইতী থানৰ পূজাৰীগৰাকীক ১২মোন বাকী দুগৰাকী পূজাৰীক ৬মোনকৈ ধান প্ৰতিটো বৰ্ষতে দিয়াৰ নিয়ম। প্ৰতি বৰ্ষত প্ৰায় আঢ়ৈশ মোন ধান বিক্ৰী কৰি পোৱা ধনেৰে ৰাইজে বিভিন্ন উন্নয়ণমূলক কাম–কাজ কৰি আহিছে।

খোপদিয়া গাঁৱৰ ৰাজহুৱা শ্মশানলৈকে বিদ্যুত যোগানৰ ব্যৱস্থা কৰি দিয়াৰ বাবেও ৰাইজে চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward