Wednesday, October 16, 2024
HomeNEWSনিখিল ৰাভা জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট

নিখিল ৰাভা জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট

প্ৰকাশিত তাৰিখঃ ২১ আগষ্ট, ২০২৪

ৰাভা সকলৰ পিতৃ সংগঠন নিখিল ৰাভা জাতীয় পৰিষদে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই সন্দৰ্ভত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু মুখ্য সম্পাদক গোবিন্দ ৰাভা স্বাক্ষৰিত এক প্ৰেছ বিবৃতি ১৯ আগষ্টত গুৱাহাটীৰ জটীয়াস্থিত মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰিছে। বৰ্তমান অসম চৰকাৰৰ আগন্তুক অসম বিধান সভাৰ অধিবেশনৰ প্ৰথম দিনটোত (২২/০৮/২০২৪) এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। উল্লেখ্য যে, ৰাভা জনগোষ্ঠীৰ বিভিন্ন জ্বলন্ত সমস্যাৰাজীৰ সমাধানৰ দাবীত গুৱাহাটীৰ চচলত দিনৰ ১১ বজাৰ পৰা ১.৩০ বজালৈ এক ‘অৱস্থান ধৰ্মঘট’ কাৰ্যসূচী পালন কৰিব। উক্ত ধৰ্মঘট কাৰ্যসূচীত প্ৰতিখন জিলা সমিতি, আঞ্চলিক সমিতি লগতে সদাশয় ব্যক্তি তথা মহিলা (মাতৃ) সংগঠনৰ সদস্য/ সদস্যাক যথা সময়ত উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

উল্লেখনীয় যে, অৱস্থান ধৰ্মঘট কাৰ্যসূচীত– ০ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনৰ নিৰ্বাচন অনুষ্ঠিত কৰি গতিশীলতা প্ৰদানৰ বিহীত গ্ৰহণ কৰা ০ ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ পথ সূচল কৰা ০ মেঘালয় আৰু পশ্চিম বংগত ৰাভা অধ্যুষিত অঞ্চলত স্বায়ত্তশাসন প্ৰদান কৰা ০ ভাৰত চৰকাৰৰ ২০০৬ চনৰ বননীতি আখৰে আখৰে পালন কৰা ০ অসম আৰক্ষীৰ উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানকে আদিকৰি বিভিন্ন দাবী সাব্যস্ত কৰিব বুলি ৰাভা জাতীয় সংগঠনটোৰ বিবৃতিত উল্লেখ কৰিছে। উক্ত ধৰ্মঘট কালতে অসম চৰকাৰৰ জৰিয়তে মেঘালয় আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।  

বিবৃতিটোত ইয়াকো দোহাৰে যে– চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকাল উকলি গৈছিল। অসম চৰকাৰে পৰিষদখনক অন্তৱৰ্তীকালীন হিচাপে পৰিচালনা কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। সেই অনুসৰি অন্তৱৰ্তীকালীন পৰিষদখনৰ কাৰ্যকাল ১২ আগষ্টত অন্ত পৰিছিল, যদিও পুনৰবাৰ আৰু ছয় মাহলৈ কাৰ্যকাল বঢ়াই দিয়াত নিখিল ৰাভা জাতীয় পৰিষদ ক্ষুণ্ণ হৈ পৰিছে। সংগঠনটোৰ দাবী– আভূৱাভাৰি পযিষদখনৰ কাৰ্যকাল বঢ়াই থকা ব্যৱস্থাটো বন্ধ কৰি অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

আনহাতে, ৰাভা হাছং এলেকাৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে উন্নয়ন পৰিষদ গঠন নকৰিলে আগন্তুক দিনত এক তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলিও নেতাদ্বয়ে উল্লেখ কৰিছে। উল্লেখ্য যে, পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী চন্দন ব্ৰহ্মই ৰাভা উন্নয়ন পৰিষদ গঠনৰ সকলো কাম–কাজ সমাপ্তি কৰিছিল। কিন্তু পিছৰ চৰকাৰখনৰ মুখ্যমন্ত্ৰী সলনি হোৱাৰ লগে লগে উন্নয়ন পৰিষদ গঠনৰ ফাইল তলপৰি থাকিল। চৰকাৰৰ এনে কাৰ্যত ক্ষোভিত হৈ নিখিল ৰাভা জাতীয় পৰিষদে এলানী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward