Wednesday, October 16, 2024
HomeNEWSদক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ ৩৮তম্‌ ত্ৰি–বাৰ্ষিক অধিবেশন

দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ ৩৮তম্‌ ত্ৰি–বাৰ্ষিক অধিবেশন

প্ৰকাশিত তাৰিখঃ ২ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি–বাৰ্ষিক অধিবেশনখন আজি ৰাণীৰ উপৰদানী তালুকৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। এদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিবেশনখন ৰাণী আঞ্চলিক প্ৰাথমিক ট্ৰাইবেল সংঘৰ সহযোগত অনুষ্ঠিত হৈ যায়। এই অধিবেশনত দক্ষিণ কামৰূপ জিলাৰ ৮খন আঞ্চলিক প্ৰাথমিক সমিতিৰ বিষয়ববীয়া আৰু সদস্যই অংশ গ্ৰহণ কৰে। অধিবেশনৰ কাৰ্যসূচী অনুসৰি–পুৱা সংঘৰ পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ সভাপতি দীপৰ বড়োৱে, গছপুলি ৰোপণ কৰে দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ৰাজেন চন্দ্ৰ ৰাভাই। স্মৃতি তৰ্পন কৰে দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ উপ–সভাপতি মংগাধৰ ৰাভাই। প্ৰতিনিধি সভাকক্ষ উদ্বোধন কৰে সজ্জনপাৰা গাঁৱৰ গাঁওবুঢ়া হীৰেন স্বৰ্গীয়াৰীয়ে। দুপৰীয়া প্ৰতিনিধি সভাৰ বৈঠক। উক্ত বৈঠকত পৌৰহিত্য কৰে দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ সভাপতি দীপৰ বড়োৱে। সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক বিপুল ৰাভাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখনৰ আদৰণি ভাষণ পাঠ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি নবীন চন্দ্ৰ বসুমতাৰীয়ে। সভাত প্ৰতিখন আঞ্চলিক সমিতিৰ খতিয়ান পাঠ কৰে। দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ সম্পাদক দূৰ্গেশ্বৰ বড়োৱে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ পিছত বিত্ত সম্পাদকে হিচাপ–নিকাচৰ খতিয়ান দাঙি ধৰে।

উল্লেখনীয় যে, জনজাতীয় বেল্ট আৰু ব্ল’ক সমূহত এচাম অজনজাতীয়ে লোকে মাটি–বাৰী ক্ৰয় কৰাৰ লগতে কৃষি ভূমি সমূহ ঔদ্যোগিক আৰু আবাসীক এলেকা হিচাপে শ্ৰেণী পৰিৱৰ্তনৰ ঢৌ দ্ৰুত হাৰত বাঢ়িছে। সংবিধান বিৰোধী এনে কাৰ্য দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘই সদায় বিৰোধ কৰি যাব। এই সন্দৰ্ভত সংঘই বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণৰ ব্যৱস্থা কৰে। প্ৰতিনিধি সভাৰ শেষত সংঘৰ দক্ষিণ কামৰূপ জিলা সমিতিখন ভংগ হোৱা বুলি ঘোষণা কৰে আৰু নতুন সমিতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ পিছত ভোজনালয়ৰ দ্বাৰ মুকলি কৰে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উপ–সঞ্চালক ডাঃ প্ৰশান্ত কুমাৰ ৰাভাই।

আবেলি বিষয় বাচনি সভা অনুষ্ঠিত হয়। উক্ত সভাত দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ নতুন কাৰ্যকৰী কমিটিখন গঠন কৰে। উক্ত কমিটিৰ সভাপতি– বিপুল ৰাভা (ছয়গাঁও)। উপ–সভাপতি ক্ৰমে– মংগাধৰ ৰাভা (বৰদুৱাৰ) প্ৰফুল্ল ৰাভা (বেকেলী), শৈলেন হাজোৱাৰী (বকো), আইকন বড়ো (বনগাঁও)। সাধাৰণ সম্পাদক– দূৰ্গেশ্বৰ বড়ো (বনগাঁও)। সম্পাদক সকল ক্ৰমে– শ্যামচৰণ ৰাভা (লুকী), বিভাষ ৰাভা (বকো), শৈলেন ৰাভা (ভোলাগাঁও) লক্ষী হাজং (বনগাঁও)। সাংগঠনিক সম্পাদক সকল ক্ৰমে– কন্দৰ্প বড়ো (ৰাণী), ৰ’বাৰ্ট চাংমা (বকো), চন্দ্ৰ ৰাভা (লুকী), বিশ্বজিৎ বড়ো (বৰদুৱাৰ)। প্ৰচাৰ সম্পাদকদ্বয়– দিগন্ত বড়ো (ছয়গাঁও), হৰকান্ত বড়ো (বৰদুৱাৰ)। কাৰ্যনিৰ্বাহক সদস্যসকল ক্ৰমে– নিৰঞ্জন ৰাভা (বকো), ৰাজেন ৰাভা (ছয়গাঁও), ললিত বড়ো (ৰাণী), কানু ৰাভা (বৰদুৱাৰ), সৰ্বেশ্বৰ ৰাভা (ভোলাগাঁও), ৰাজুমণি বড়ো (লুকী), বিচিত্ৰ ৰাভা (বনগাঁও), নৰেশ্বৰ বড়ো (বেকেলী)।

ৰাণী আঞ্চলিক প্ৰাথমিক ট্ৰাইবেল সংঘৰ সভাপতি দীপক বড়ো, সম্পাদক দেৱকান্ত বড়ো, অভ্যৰ্থনা সমিতিৰ সভাপতি নবীন চন্দ্ৰ বসুমতাৰী সম্পাদক লক্ষীৰাম ৰাভাই অধিবেশনত উপস্থিত সদৌটিলৈ আন্তৰিক সম্ভাষণ জনায়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward