Wednesday, October 16, 2024
HomeNEWSআন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস উলক্ষে হোলোং গছৰ পুলি ৰোপন

আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস উলক্ষে হোলোং গছৰ পুলি ৰোপন

প্ৰকাশিত তাৰিখঃ ৮ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

৭ ছেপ্টেম্বৰ মাহৰ প্ৰথমটো শনিবাৰত সমগ্ৰ বিশ্বত পালিত হ’ল আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস। আন্তঃৰাষ্ট্ৰীয় শগুণ সজাগতা দিৱস উপলক্ষে দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ৰাণী আৰু চানডুবি অঞ্চলতো বিভিন্ন কাৰ্যসূচী লোৱা দেখা গৈছিল।

বৰ্তমান শগুণ সংৰক্ষণৰ ওপৰত চানডুবি উৎসৱ উদ্‌যাপন সমিতিয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এই উপলক্ষে ৭ ছেপ্টেম্বৰত লোহাঘাটৰ মেমবস্তিৰ জাতীয় শ্বহীদ সমাধি ক্ষেত্ৰত কেইবাজোপাও হোলোং গছ ৰোপণ কৰা হয়। অনুষ্ঠানটোত চানডুবি উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী বিত্ত সম্পাদক তথা চানডুবি উৎসৱ উদ্‌যাপন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি দেৱজিৎ নাফা, নিখিল ৰাভা সাহিত্য সভাৰ শিক্ষা সচিৱ মাটিৰাম ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভা, নিয়মীয়া বাৰ্তাৰ সাংবাদিক নুৰুল ইছলাম, দৈনিক অসমৰ সাংবাদিক নীৰেন্দ্ৰ প্ৰসাদ ৰাভাই এজোপাকৈ হোলোং গছৰ পুলি ৰোপণ কৰে।

উল্লেখ্য যে, ৰাজ্যখনত দিনক দিনে শগুণৰ সংখ্যা কমি অহাৰ মূল কাৰণটোৱেই হ’ল উপযুক্ত বাসস্থানৰ অভাৱ। শগুণৰ উপযুক্ত বাসস্থানৰ কাৰণে কদম, শিমলু, হোলোং আদি ওখ ওখ গছৰ প্ৰয়োজন। কিন্তু এই গছবোৰ মানুহৰ হাতত অবাধ হাৰত ধ্বংস হোৱা বাবে শগুণৰ বাসস্থানৰ অভাৱ হৈছিল। ইতিমধ্যে, ব’ম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটীয়ে চানডুবি অঞ্চলক চৰাই–চিৰিকটিৰ গুৰুত্বপূৰ্ণ আৱাসস্থল হিচাপে ঘোষণা কৰিছিল। সেয়ে লোহাৰঘাট অঞ্চলটোক শগুণৰ মুখ্য ক’লনি বুলিও অভিহিত কৰা হয়।

বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা লগতে ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, সদৌ ৰাভা কৃষ্টি সন্মিলনৰ আঞ্চলিক সমিতি সমূহৰ ক্ৰমে– চাৰ্জেন মেগো, প্ৰাঞ্জল ৰাভা, সত্যজিৎ ৰাভা,মনীন্দ্ৰ ৰাভা, হেমন্ত ৰাভা, ভাৰতী ৰাভা, ৰাজেশ্বৰ ৰাভা, ধনঞ্জয় ৰাভা আদি বিষয়ববীয়াসকল উপস্থিত আছিল। উক্ত অনুষ্ঠানটোৰ আঁত ধৰে চানডুবি উৎসৱ উদযাপন সমিতিৰ মুখ্য সম্পাদক দ্বীপজ্যোতি বাৰছুঙে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward