Wednesday, October 16, 2024
HomeNEWSৰাণীত আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস উদযাপন

ৰাণীত আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস উদযাপন

প্ৰকাশিত তাৰিখঃ ৯ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ প্ৰথমটো শনিবাৰত বিশ্বব্যাপী উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস। এইবৰ্ষৰ ছেপ্টেম্বৰ মাহৰ প্ৰথমটো শনিবাৰ ৭ তাৰিখত সমগ্ৰ বিশ্বই উদ্‌যাপন কৰিছে আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস।

৭ ছেপ্টেম্বৰত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ কাৰমেল স্কুল প্ৰেক্ষাগৃহত ৰাণীৰ বেলগুৰিস্থিত শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰয়ো বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছিল আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস। উল্লেখ্য যে, ব’ম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটী আৰু অসম চৰকাৰৰ বন বিভাগৰ যুটীয়া উদ্যোগত শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰটোৱে এই কাৰ্যসূচীৰ আয়োজন কৰিছিল। শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰই ‘শগুন সংৰক্ষণ সজাগতা সৃষ্টি’ৰ বাবে ইতিমধ্যে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ ৫০খন শিক্ষানুষ্ঠানৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। উক্ত প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক এই কাৰ্যসূচীতে পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়।

উল্লেখৰ আৱশ্যক যে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুলশী আৰু লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে ইতিমধ্যে শগুন সংৰক্ষণ আৰু সজাগতাৰ হকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। ৰাণীত উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱসত ৰাণী, কুলশী আৰু লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া ক্ৰমে– মৃণাল কান্তি নাথ, দ্বীপন ডেকা, চেমিম আখতাৰ লগতে অন্যান্য কৰ্মীসকলেও অংশ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, বন্যপ্ৰাণীৰ প্ৰতি দায়িত্বশীলতা থকা ব্যক্তি, স্থানীয় বেচৰকাৰী সংগঠন, মহিলা আত্ম-সহায়ক গোটক এই অনুষ্ঠানতে সম্বৰ্ধনাৰ ব্যৱস্থা কৰে। বেচৰকাৰী সংগঠন ‘বন্যবন্ধু’ৰ মূল ব্যক্তি প্ৰসন্ন কলিতাক সংৰক্ষণ, জনসজাগতা সৃষ্টিৰ বাবে সম্বৰ্ধনা জনোৱা হৈছিল। ইপিনে– এটি ৰুগীয়া শগুন উদ্ধাৰ আৰু নিজা খৰচত খাদ্য–পাতি যোগান ধৰি কৰ্তৃপক্ষক অৱগত কৰা বাবে চাহিদা বিবি আৰু ৰঞ্জিত নাথক পুৰস্কৃত কৰা হৈছিল। গামোচাত শগুনৰ উল্লেখনীয় আৰ্হি তৈয়াৰ কৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা ৰেণু নাথ আৰু মল্লিকা গোঁহাইকো সম্বৰ্ধনা জনোৱা হৈছিল।

বিশিষ্ট অতিথিসকলৰ অংশ গ্ৰহণত অনুষ্ঠানটো আকৰ্ষণীয় হৈ পৰে। অসম জৈৱ বৈচিত্ৰ্য ব’ৰ্ডৰ বৈজ্ঞানিক বিষয়া ড০ অইনাম সুনন্দা দেৱীয়ে– প্ৰকৃতি সংৰক্ষণৰ গুৰুত্বৰ ওপৰত নিজৰ মতামত আগঢ়ায়। প্ৰখ্যাত শিক্ষাবিদ, নৃতত্ত্ববিদ আৰু অধিবক্তা ড০ প’লেও নিজৰ ভাষণত গুৰুত্বপূৰ্ণ ভাৱ প্ৰকাশ কৰে। ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰীয়ে শিশুসকলক সম্বোধন কৰিছিল আৰু সংৰক্ষণৰ হ’কে ৰাইজৰ অংশ গ্ৰহণৰ কামনা কৰিছিল। ইপিনে– ৰাণী আন্ধেৰীজুলিৰ গাঁওপ্ৰধান ৰোশন ৰবি স্বৰ্গীয়াৰী, মাজপাৰা গাঁৱৰ জুতিকা দাস লগতে গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড বিষয়া গুণজিৎ ঠাকুৰীয়াও উপস্থিত থাকে।

অনুষ্ঠানত শ্লাইদ শ্ব’ আৰু ভিডিঅ’ যোগে বিভিন্ন দৃশ্য প্ৰদৰ্শন কৰা হয়। শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ কেন্দ্ৰ পৰিচালক শচীন ৰাণাডে কয় যে, অনুষ্ঠানটোৰ সফলতাৰ আঁৰত কেন্দ্ৰটোৰ জীৱবিজ্ঞানী অনিকেত, জয়ন্ত ৰাভা, আনীনা, স্থিতাপ্ৰজ্ঞান আৰু ক্ষেত্ৰসহায়ক ধীৰাজ ৰাভা, দিলীপ ৰাভাকে আদিকৰি অন্যান্য কৰ্মচাৰীসকলৰ শ্ৰম জড়িত আছিল।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward