Wednesday, October 16, 2024
HomeNEWSলোহাৰঘাটত চিভিল ইঞ্জিনিয়াৰিংৰ প্ৰাৰম্ভিক ধাৰণাৰ ওপৰত কৰ্মশালা

লোহাৰঘাটত চিভিল ইঞ্জিনিয়াৰিংৰ প্ৰাৰম্ভিক ধাৰণাৰ ওপৰত কৰ্মশালা

প্ৰকাশিত তাৰিখঃ ৯ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয় দক্ষিণ কামৰূৰ এখন লেখতল’বলগীয়া বিদ্যালয়। এইখন বিদ্যালয়ৰ বিজ্ঞান আৰু গণিত সংঘৰ উদ্যোগত ৭ছেপ্টেম্বৰত চিভিল ইঞ্জিনিয়াৰিংৰ প্ৰাৰম্ভিক ধাৰণাৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ড° সুমন হাজাৰীয়ে।তেখেতক সহযোগ আগবঢ়ায় বিশ্ববিদ্যালয়ৰখনৰ বিভাগীয় কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে। উক্ত দলটোক নেতৃত্ব প্ৰদান কৰি কৰ্মশালাখন সফল কৰি তোলে ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বিভাগীয় মূৰব্বী অধ্যাপক ড° সমিত চৌধুৰীয়ে।

আনহাতে– পুৱা ৯ বজাত লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ৰ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ উদ্যোগত বিদ্যালয় চৌহদত এক কেচু সাৰ প্ৰকল্প উন্মোচন কৰে অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ড° সমিত চৌধুৰীয়ে। বিভিন্ন বিষয়ক শ্লাইড শ্ব’ প্ৰদৰ্শন লগতে ব্যৱহাৰিকভাৱে মাটিৰ ধৰ্ম পৰীক্ষাৰ মাধ্যমেৰে লোহাৰঘাট মজলীয়া বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ সহযোগিতাত কৰ্মশালাখনে সফলতা লাভ কৰে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ শিক্ষাবিদ পৰেশ বৈশ্য। বিদ্যালয়খনৰ শিক্ষক উত্তম চন্দ্ৰ দাসৰ আমন্ত্ৰণ ক্ৰমে কৰ্মশালাখনত ভাগ ল’বলৈ পাই তেখেতে সন্তোষ প্ৰকাশ কৰে। লগতে বিদ্যালয় পৰ্যায়ত এইটো এক নতুন সৃজনীমূলক অনুশীলন বুলিও অভিহিত কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward