Wednesday, October 16, 2024
HomeNEWSবিজয়নগৰ আঞ্চলিক ই–ৰিক্সা চালক আৰু মালিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা  

বিজয়নগৰ আঞ্চলিক ই–ৰিক্সা চালক আৰু মালিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা  

প্ৰকাশিত তাৰিখঃ ১৬ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ একমাত্ৰ চৰকাৰী পঞ্জীয়ন ভূক্ত ই–ৰিক্সা চালক আৰু মালিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন দিনজোৰা কাৰ্যসূচীৰে অলপতে সম্পন্ন হৈ যায়। ১নং সত্ৰাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে সমাজকৰ্মী তথা সন্থাৰ স্থায়ী সভাপতি ইছমাইল আলীয়ে। সন্থাৰ সম্পাদক ৰমেন মেধীয়ে আঁত ধৰা সভাখনত কেইবাটাও বিষয় লৈ আলোচনা কৰা হয়। সভাত সন্থাৰ পঞ্জীয়ন, আয়–ব্যয়ৰ হিচাপ–নিকাচ আৰু সন্থাৰ নতুন সদস্য ভূক্তি সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয়। লগতে ১৭ ছেপ্টেম্বৰৰ বিশ্বকৰ্মা পূজা বহলভাৱে পালন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰায় দুই শতাধিক ৰিক্সা চালক আৰু মালিক উপস্থিত থকা সভাখনত জ্যেষ্ঠ সাংবাদিক জোহাক আলীক সন্থাৰ মুখ্য উপদেষ্টা হিচাপে নিৰ্বাচিত কৰা হয়। বিশেষভাৱে আমন্ত্ৰিত জোহাক আলীয়ে সভাক উদ্দেশ্যি দিয়া চমু ভাষণত সন্থাৰ পঞ্জীয়ন এক গুৰুত্বপূৰ্ণ সফলতা বুলি উল্লেখ কৰে। লগতে ৰিক্সা চালক সকলক পৰিবহন আইন পালন কৰিবলৈও আহ্বান জনায়। ভাষণ প্ৰসংগত আলীয়ে সম্ভাৱ্য যিকোনো প্ৰতিকূল বিপদৰ সময়ত ৰিক্সা চালক সকলক অন্যায়ৰ বিৰুদ্ধে একগোট হৈ থিয় দিবলৈ আহ্বান জনায়। সন্থাৰ সম্পাদক ৰমেন মেধীয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখন প্ৰীতি–ভোজনৰে সামৰণি পৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward