Wednesday, October 16, 2024
HomeUncategorizedলোহাৰঘাটত দুই ৰাভা জাতীয় সংগঠনৰ দ্বি–বাৰ্ষিক প্ৰতিনিধি সভা

লোহাৰঘাটত দুই ৰাভা জাতীয় সংগঠনৰ দ্বি–বাৰ্ষিক প্ৰতিনিধি সভা

প্ৰকাশিত তাৰিখঃ ২৩ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক কমিটিয়ে বিগত সময়ছোৱাত অঞ্চলটোৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত শান্তি–সমন্বয়ৰ বাৰ্তা বিলাই আহিছে। লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ বাবেও দাবী জনাই আহিছে। বিভিন্ন ঘাত–প্ৰতিঘাতৰ মাজেৰে অতিবাহিত কৰা সংগঠন দুটাই আজি একেটা দিনতে লোহাৰঘাটত সুকীয়া সুকীয়াকৈ দ্বি–বাৰ্ষিক প্ৰতিনিধি সভাৰ আয়োজন কৰিছে। সেই অনুসৰি লোহাৰঘাট চৰকাৰী এম ভি স্কুলত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা (বাৰছু)ই একবিংশতিতম দ্বি–বাৰ্ষিক আৰু লোহাৰঘাট আঞ্চলিক ক্লাৱত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ (বি বি এ আৰ ডব্লিউ চি)ৰ একাদশ দ্বি–বাৰ্ষিক প্ৰতিনিধি সভা সম্পন্ন কৰে।

দ্বি–বাৰ্ষিক প্ৰতিনিধি সভাৰ কাৰ্যসূচী অনুসৰি– পুৱা বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ লোহাৰঘাটস্থিত মুখ্য কাৰ্যালয় চৌহদত সমূহীয়াভাৱে পতাকা উত্তোলন কৰে সংগঠন দুটাৰ সভাপতি আৰু সভানেত্ৰী ক্ৰমে– কমলেশ্বৰ ৰাভা আৰু ভাৰতী ৰাভাই। শ্বহীদ তৰ্পন কৰে ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি ৰাভাই। গছপুলি ৰোপন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা একালৰ ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ৰশ্মিবালা ৰাভাই আৰু তেখেতক সহযোগ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য তথা সংগঠনটোৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে– নৃপেন চন্দ্ৰ ৰাভা আৰু দিলীপ কুমাৰ ৰাভাই।

প্ৰতিনিধি সভাৰ কক্ষ মুকলি কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ৰবিৰাম ৰাভাই। প্ৰতিনিধি সভা উদ্বোধন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা কমিটিৰ সাধাৰণ সম্পাদক অশোক ৰাভাই আৰু নিখিল ৰাভা মহিলা পৰিষদৰ কামৰূপ জিলা কমিটিৰ সাধাৰণ সম্পাদিকা মল্লিকা ৰাভাই।

ছাত্ৰ সংগঠনটোৰ মুখপত্ৰ ‘ৰাংচাৰি’ উন্মোচন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী বিত্ত সম্পাদক দেৱজিৎ নাফাই। সংগঠনটোৰ আন এখন মুখপত্ৰ ‘নেতখ্ৰক’ উম্মোচন কৰে নিখিল ৰাভা মহিলা পৰিষদৰ কামৰূপ জিলা কমিটিৰ সভানেত্ৰী ললিতা ৰাভাই।

সভাৰ শেষত আগন্তুক দুটা বৰ্ষ কাৰ্যকালৰ বাবে সুভাষ চিনালক সভাপতি, দ্বীপজ্যোতি ৰাভাক উপ–সভাপতি আৰু সত্যজিৎ ৰাভাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ  ৩৫জনীয়া কাৰ্যকৰী কমিটিখন গঠন কৰে। আনহাতে, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ ভাৰতী ৰাভাক সভানেত্ৰী আৰু ভানু ৰাভাক সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত কৰি ৩০জনীয়া নতুন কাৰ্যকৰী কমিটি গঠন কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News   

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward