Wednesday, October 16, 2024
HomeNEWSৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

প্ৰকাশিত তাৰিখঃ ২৯ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে ‘ৰাভা উন্নয়ন পৰিষদ গঠন’ৰ এক দীৰ্ঘদিনীয়া দাবী আছিল। এই দাবী পুৰণৰ বাবে ৰাভাসকলৰ পিতৃ সংগঠন নিখিল ৰাভা জাতীয় পৰিষদে বিগত ২০১৩ বৰ্ষৰপৰাই এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছিল।

উল্লেখ্য যে, ২০১৩ বৰ্ষৰপৰা ৰাজ্যখনত এটা কাৰ্যকাল আছিল কংগ্ৰেছ চৰকাৰৰ। তাৰ পিছৰপৰা বৰ্তমানলৈকে বিজেপি চৰকাৰৰ শাসনকাল চলি আছে। কিন্তু ৰাভাসকলৰ গণতান্ত্ৰিক দাবী পুৰণৰ বাবে কোনো এখন চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে।

বিগত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শাসনকালত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী আছিল মন্ত্ৰী চন্দন ব্ৰহ্ম। চন্দন ব্ৰহ্ম বিভাগীয় মন্ত্ৰী হৈ থকাৰ সময়তে কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিলেই ৰাভা উন্নয়ন পৰিষদ গঠনৰ বাট মুকলি হ’লহেতেন। কিন্তু সোণোৱাল চৰকাৰখনে শাসনৰ পাঁচটা বছৰ অতিক্ৰম কৰিলে যদিও ৰাভা উন্নয়ন পৰিষদ গঠনৰ বাবে কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিবই নোৱাৰিলে।

বৰ্তমান শাসকীয় চৰকাৰখনক ৰাভা উন্নয়ন পৰিষদ গঠনৰ বাবে কেবিনেট প্ৰস্তাৱ গ্ৰহণৰ দাবী জনাইছে। অহা ৩০ ছেপ্টেম্বৰত নিখিল ৰাভা জাতীয় পৰিষদৰ সকলোবোৰ আঞ্চলিক কমিটিয়ে ৰাভা উন্নয়ন পৰিষদৰ গঠনৰ বাবে জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, শিক্ষা আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডা ৰণোজ পেগুলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সম্পাদক গোবিন্দ ৰাভাই জানিবলৈ দিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward