Wednesday, October 16, 2024
HomeNEWSপলাশবাৰী ৰাজহ চক্ৰৰ গাঁওপ্ৰধান সন্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠান

পলাশবাৰী ৰাজহ চক্ৰৰ গাঁওপ্ৰধান সন্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ৩০ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজি দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ গাঁওপ্ৰধান সন্থাই মিৰ্জাস্থিত কাৰ্যলয়ত পোন প্ৰথমবাৰৰ বাবে এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। উক্ত সভাত পৌৰহিত্য কৰে সন্থাৰ সভাপতি তথা গুইমাৰা গাঁওৰ গাঁওপ্ৰধান ফনিন্দ্ৰ চন্দ্ৰ দাসে।

গাঁওপ্ৰধান সন্থাই পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২% নম্বৰ লাভকৰি গৌৰৱ কঢ়িয়াই অনা বঙৰাৰ গাঁওপ্ৰধান বলেন চৌধুৰীৰ পুত্ৰ মঞ্চানু চৌধুৰীক সন্থাৰ সভাপতিয়ে ফুলাম গামোচা, উপ–সভাপতি সৰ্বেশ্বৰ দাসে মানপত্ৰ আৰু সম্পাদক অসীম দাসে এখনি শৰাইৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

উক্ত সভাত পৃথু দাস, সুদাম দাস, সুলীপ ৰাভাকে আদিকৰি সন্থাৰ সদস্য অন্যান্য সদস্যই ভাষণৰ মাজেৰে মঞ্চানু চৌধুৰীক শুভেচ্ছা জ্ঞাপন কৰে। সন্থাৰ সদস্যা জুতিকা দাসে ভূপেন হাজৰিকাৰ এটি গীত পৰিবেশন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward