Wednesday, October 16, 2024
HomeNEWSআমৰাঙ্গা–বৰিহাটত সাৰ্বজনীন দুৰ্গাপূজা 

আমৰাঙ্গা–বৰিহাটত সাৰ্বজনীন দুৰ্গাপূজা 

প্ৰকাশিত তাৰিখঃ ৯ অক্টোবৰ, ২০২৪

চানডুবৰ নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ আমৰাঙ্গা–বৰিহাটত বৃহত্তৰ আঞ্চলিক ৰাইজৰ সহযোগত এইবেলি প্ৰথমবাৰৰ বাবে পাঁচদিনীয়া কাৰ্যসূচীৰে দুৰ্গাপূজাৰ আয়োজন কৰিছে।

কাৰ্যসূচী অনুসৰি– আজি অৰ্থাৎ ৯ অক্টোবৰত মাংগলিক পৰ্বৰে আৰম্ভ হ’ব ষষ্ঠী পূজা।

১০ অক্টোবৰৰ মাংগলিক পৰ্বত দুপৰীয়া পুষ্পাঞ্জলী প্ৰদান, আবেলি আয়তী নাম। সন্ধিয়া আৰতিৰ পিছত মঞ্চ উদ্বোধন কৰিব চিত্ৰা বৰুৱাই। ইয়াৰ পিছত মুখপত্ৰ ‘দেৱী’ উন্মোচন কৰিব সমাজ সেৱিকা ড সুনীতা চাংকাকতিয়ে। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকিব দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক যুগল চন্দ্ৰ বৈশ্যই। সভাৰ লগে লগে নাম প্ৰসংগ চলি থাকিব।

১১ অক্টোবৰৰ মহাঅষ্টমী পূজাৰ পুৱা ভাগত ভোগ গ্ৰহণ আৰু দুপৰীয়া কুমাৰী পূজা আৰম্ভ হ’ব। লগতে পুষ্পাঞ্জলী, প্ৰসাদ বিতৰণ পৰ্ব চলি থাকিব। সন্ধিয়াৰ আৰতিৰ পিছত মঞ্চ উদ্বোধন কৰিব স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই। সম্বৰ্দ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব ড বি আৰ আম্বেদকাৰ ফাউণ্ডেচন বঁটাপ্ৰাপক চিৰাজ আলী, পলাশবাৰী আৰক্ষী থানাৰ নাগৰিক সমিতিৰ অধ্যক্ষ অনুপ মেধি, ভাৰতীয় জনতা পাৰ্টীৰ এচ, চি, মৰ্চাৰ উপ–সভাপতি কুশলজ্যোতি মালাকাৰ, কিষাণ মৰ্চাৰ উপ–সভাপতি ৰাজেন নাথ, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীয়ে। নিশা যাত্ৰাভিনয়।

১২ অক্টোবৰৰ মহানৱমী পূজাৰ দুপৰীয়াৰ মাংগলিক পৰ্বত হোম, শান্তি, পূষ্পাঞ্জলী প্ৰদান আৰু প্ৰসাদ বিতৰণ। আবেলি দেৱীৰ প্ৰদক্ষিণ। সন্ধিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া বোলছবি ‘অদাহ্য’ প্ৰদৰ্শন। মঞ্চ উদ্বোধন কৰিব অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক হিমাংশু শেখৰ বৈশ্যই। সন্ধিয়া সম্বৰ্দ্ধনা অনুষ্ঠানৰ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব– সমাজকৰ্মী ধনেশ্বৰ তালুকদাৰ, লিটল ইংলিছ স্কুলৰ স্বত্বাধিকাৰী ৰেকৰ্ড আলীয়ে। ইয়াৰ পিছত নিমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন।

১৩ অক্টবোৰৰ প্ৰথম কাৰ্যসূচী দেৱী বিসৰ্জনৰ মাংগলিক পৰ্ব। দুপৰীয়া প্ৰীতি ভোজন। আবেলি জগলীয়া নদীত দেৱী বিসৰ্জন। পূজাৰ সকলোকেইটা দিনত অঞ্চলবাসী ৰাইজৰ সহায়–সহযোগ কামনা কৰিছে পৰিচালনা সমিতিৰ সভাপতি ভাস্কৰ গোস্বামী, কাৰ্যকৰী সভাপতি ৰাজেন দাস, সম্পাদক অমল দাস আৰু বিত্ত সম্পাদক পৰেশ দাসে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward