Thursday, November 21, 2024
HomeNEWSপঞ্চদশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন

পঞ্চদশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন

প্ৰকাশিত তাৰিখঃ ১২ নৱেম্বৰ, ২০২৪

 

চানডুবি নিউজ ৰিপ’ৰ্ট

 

বৰদুৱাৰভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চানডুবি উৎসৱ উদযাপন সমিতিয়ে যুটীয়াভাৱে উদযাপন কৰি অহা চানডুবি উৎসৱে এইবাৰ পঞ্চদশ বৰ্ষত ভৰি দিছে উল্লেখ্য যে, বিভিন্ন জাতি, জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰতিটো বৰ্ষৰ পহিলা জানুৱাৰীৰপৰা পাঁচ দিনীয়াকৈ চানডুবি উৎসৱ উদ্যাপন কৰি আহিছে আগন্তুক ২০২৫বৰ্ষৰ পহিলা জানুৱাৰীৰপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে চানডুবি বিলৰ বাকৰিত উদ্যাপন কৰিব পঞ্চদশ বাৰ্ষিক চানডুবি উৎসৱ

 

এই উপলক্ষে ১১ নৱেম্বৰত ঐতিহাসিক বিলখনৰ বাকৰিত আয়োজন কৰা এক মাংগলিক অনুষ্ঠানত চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰে পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া সুবোধ তালুকদাৰে উল্লেখ্য যে ৰাভাসকলৰ উপাস্য দেৱতা লাঙাবুঢ়ালৈ জনজাতীয় প্ৰথাৰে নৈবদ্য আগবঢ়োৱাৰ পিছত উপস্থিতি ৰাইজৰ হৰিধ্বনিৰে চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰে

 

চানডুবি উৎসৱ উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বৰদুৱাৰভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যজিৎ ৰাভাই লাইখুঁটা স্থাপন কৰি বন সংমণ্ডল বিষয়াগৰাকীয়ে কয় মই পশ্চিম কামৰূপ বন সংমণ্ডলত প্ৰথম যোগদান কৰিয়েই চানডুবি উৎসৱৰ দৰে এটি মহৎ অনুষ্ঠানৰ লাইখুঁটা স্থাপনৰ সুযোগ লাভ কৰিছো তাৰ বাবে মই অতি গৌৰৱ অনুভৱ কৰিছো আশা ৰাখিছো, অনাগত দিনত ঐতিহাসিক চানডুবি বিলখনৰ বিষয়ে পুংখানুপুংখৰূপে চোৱাচিতা কৰাৰ সুযোগ পাম

 

ইপিনে চানডুবি উৎসৱ উদযাপন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া দেৱজিৎ ব্যক্ত কৰে যে বিশ্বত কেৱল নৃগোষ্ঠীয় লোকসকলৰ মাজতহে প্ৰকৃতি বিষয়ক সংৰক্ষণ কামনাৰে উৎসৱ উদযাপন কৰা দেখা যায় দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত বসবাস কৰা বৃহত্তৰ অঞ্চলটোৰ নৃগোষ্ঠীয় লোকসকলেও ঐতিহাসিক চানডুবি বিলৰ জৈৱবৈচিত্ৰ সংৰক্ষণ কামনাৰে ২০১০ চনৰপৰা চানডুবি উৎসৱ উদযাপন কৰি আহিছে চৰকাৰীভাৱে স্বীকৃতি নাপালেও চানডুবি উৎসৱ এক বিশ্বমানৰ উৎসৱ আহি থকা দিনবোৰত নিশ্চয় চানডুবি উৎসৱেও বিশ্বমানৰ স্বীকৃতি আৰু সমাদৰ লাভ কৰিব

 

লাইখুঁটা স্থাপন অনুষ্ঠানটোত চানডুবি বিলৰ কাষৰীয়া গাঁও ৰাজাপাৰাৰ শিল্পী সমাজে বগেজাৰী আৰু ছাথাৰ নাচ পৰিৱেশন ৰে। অনুষ্ঠানটোত লোহাৰঘাটৰ বনাঞ্চলিক বিষয়াকৰ্মী, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক অশোক নংবাগ, নিখিল ৰাভা সাহিত্য সভাৰ সাহিত্য সম্পাদক মাটিৰাম ৰাভা, বৰদুৱাৰভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনাল, প্ৰাক্তন সভাপতি কমলেশ্বৰ ৰাভা, উপসভাপতি দ্বীপজ্যোতি ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতি, আঞ্চলিক মহিলা পৰিষদ লগতে সকলোকেইটা সংগঠনৰ সদস্য, স্থানীয়লোক উপস্থিত থাকে চানডুবি উৎসৱ উদযাপন সমিতিয়ে আগন্তুক পঞ্চদশ চানডুবি উৎসৱত অংশ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে

 

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward