Wednesday, February 5, 2025
HomeNEWSঅসম–মেঘালয় সীমাঞ্চলৰ মাটাইখাৰত স্বাস্থ্য সেৱা উৎসৱ

অসম–মেঘালয় সীমাঞ্চলৰ মাটাইখাৰত স্বাস্থ্য সেৱা উৎসৱ

প্ৰকাশিত তাৰিখঃ ৫ নৱেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

সমগ্ৰ ৰাজ্যজুৰি ৩ ডিচেম্বৰৰপৰা আৰম্ভ হৈছে ‘স্বাস্থ্য সেৱা উৎসৱ’ৰ তৃতীয়টো সংস্কৰণ। এই উৎসৱ ৫ ডিচেম্বৰলৈকে চলিব। উল্লেখ্য জনসাধাৰণৰ স্বাস্থ্য আৰু স্বাস্থ্যৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যখনৰ লগতে কামৰূপ জিলাতো পালন কৰা হৈছে স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয়টো সংস্কৰণ। পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমাঞ্চলৰ মাটাইখাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো ৪ নৱেম্বৰত আজি উলহ–মালহেৰে পালন কৰা হয় স্বাস্থ্য সেৱা উৎসৱ। এই উৎসৱত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিৱ, আয়ুষ আৰু অসম ৰাজ্যিক এইড্‌চ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালক ইন্দ্ৰানশী দাসে স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰে। লগতে ডা প্ৰাঞ্জল দ’লে আৰু জলসিঞ্চন বিভাগৰ কণিষ্ঠ অভিযন্তা সুৰজিৎ কাকতিয়ে মুখ্য মূল্যায়ণকাৰী বিষয়া হিচাপে উপস্থিত থাকে।

উল্লেখনীয়ে যে, মাটাইখাৰৰ স্বাস্থ্য সেৱা উৎসৱত উপস্থিত থকা পৰিদৰ্শনকাৰী বিষয়া, মুখ্য মূল্যায়ণকাৰী বিষয়াসকলক কেন্দ্ৰটোৰ গে’টৰপৰা আয়তীসকলে নাম আৰু উৰুলিৰে আদৰি লৈ নিয়ে। স্বাস্থ্য সেৱা উৎসৱ উপলক্ষে আয়োজন কৰা চমু সভাখন মাটাইখাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহকাৰী খণ্ড আঁচনি পৰিচালক আমজেদ আলীয়ে আঁত ধৰে। তেওঁ কয়– মেঘালয়ৰ সীমান্তত অৱস্থিত মাটাইখাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এক সুকীয়া নাম আছে। কিয়নো বিগত ক’ভিডকালত এই অঞ্চলটোত প্ৰায় ১৭০গৰাকী প’জিটিভ ৰোগী ওলাইছিল। কিন্তু কোনো এজন ৰোগীকে বাহিৰলৈ নি চিকিৎসা কৰিবলগীয়া হোৱা নাছিল। মাটাইখাৰ, মুদুকী, বাখালাপাৰা, উমচুৰ এই চাৰিটা উপ–স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসাকৰ্মী, স্থানীয় ৰাইজৰ সহায় সহযোগত বিভিন্ন ঠাইত ৰোগীৰ শশ্ৰুশা কেন্দ্ৰ গঢ়ি তুলিছিল। অকল ৰাইজৰ সহায়–সহযোগত গঢ়ি তোলা কেন্দ্ৰ সমূহত ৰোগীসকলক শশ্ৰূশা কৰি আৰোগ্য কৰি তুলিবলৈও সক্ষম হৈছিল। লগতে গৰম পানী খোৱা আৰু গা–ধোৱাৰ বাবেও ৰাইজক সজাগ কৰি তুলিছিল। চিকিৎসা কেন্দ্ৰই ৰাইজৰ সহযোগত গঢ়ি তোলা আৰোগ্য কেন্দ্ৰই ‘মাটাইখাৰ ম’ডেল’ বুলি এক সুকীয়া নাম অৰ্জন কৰিছিল। চিকিৎসা কেন্দ্ৰটোৱে নিজাববীয়াকৈ গঢ়ি তোলা ‘মাটাইখাৰ ম’ডেল’ সম্পৰ্কে সেই সময়ৰ কামৰূপ জিলাৰ উপায়ুক্তই জানিব বিচাৰিছিল। জিলা উপায়ুক্তগৰাকীয়ে সকলো জনাৰ পিচত ‘মাটাইখাৰ ম’ডেল’ৰ চিকিৎসক, কৰ্মী আৰু ৰাইজক ধন্যবাদেৰে উপচাই দিছিল। আঁচনি পৰিচালক আমজেদ আলীয়ে পুনৰ কয়– আমাৰ এই ক’ভিডকালীন অভিযানত ছাঁ টোৰ দৰে লাগি থকা গাঁওখনৰে আগৰণুৱা প্ৰাণেশ্বৰ ৰাভাৰ নাম আমি বিশেষভাৱে ল’বই লাগিব। পৰিদৰ্শনকালত অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়া ইন্দ্ৰানশী দাসে কয়– মাটাইখাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ অতি ধুনীয়া বুলিয়েই শুনি আছিলো। ইয়াত উপস্থিত থাকি আৰু বেছি ধুনীয়া দেখিছো। সঁচাকৈয়ে স্বাস্থ্য কেন্দ্ৰটো আপোনালোকে ৰাইজৰ সহযোগত পৰিপাতিকৈ চলাই আছে। সভাখনত মাটাইখাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুখ্য স্বাস্থ্য বিষয়া কাৱেৰী মালাকৰ, ফাৰ্মাচিষ্ট শৈলেন শৰ্মা, লেৱটেক্‌ প্ৰফুল্ল কলিতা, জি এন এম তচলিমা চাহানী, মুদুকী, বাখালাপাৰা, উমচুৰ উপ–স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী গাঁওখনৰ আগৰণুৱা প্ৰাণেশ্বৰ ৰাভা, মহিলা সমাজ লগতে খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰমেশ মালীয়ে অংশ গ্ৰহণ কৰে। এই সভাখনতে প্ৰাণেশ্বৰ ৰাভা আৰু ৰমেশ মালীক সম্বৰ্দ্ধনাও জ্ঞাপন কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward