Wednesday, December 18, 2024
HomeNEWSচানডুবি উৎসৱৰ বাকৰিত সমূহীয়া শ্ৰমদান

চানডুবি উৎসৱৰ বাকৰিত সমূহীয়া শ্ৰমদান

প্ৰকাশিত তাৰিখঃ ১৬ ডিচেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলত অৱস্থিত ঐতিহাসিক চানডুবি বিল। বৰ্তমান ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা অন্তৰ্ভূক্ত ঐতিহাসিক চানডুবি বিল সংৰক্ষণ কামনাৰে ২০১০বৰ্ষৰ পৰা বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চানডুবি উৎসৱ উদযাপন সমিতিয়ে যুটীয়াভাৱে আয়োজন কৰি আহিছে চানডুবি উৎসৱ। সমাগত ২০২৫ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব চানডুবি উৎসৱ। পৰম্পৰাগত খেল–ধেমালি, খাদ্য প্ৰণালী, সাজ–পোছাক, জনগোষ্ঠীয় নৃত্য–গীতৰ সম্ভাৰেৰে আৰম্ভ হ’ব চানডুবি উৎসৱ।

এই উপলক্ষে ১৫ ডিচেম্বৰত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, চানডুবি উৎসৱ উদযাপন সমিতি, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক মহিলা পৰিষদ, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ বিষয়ববীয়া, সদস্য–সদস্যাসকলে উৎসৱৰ বাকৰিত সমূহীয়াভাৱে শ্ৰমদান কৰে। উল্লেখ্য যে প্ৰতিটো বৰ্ষৰ চানডুবি উৎসৱৰ আগে আগে আটাইকেইটা সংগঠনৰ কৰ্মকৰ্তাই উৎসৱৰ বাকৰিত সমূহীয়াভাৱে শ্ৰমদান কৰে।

এইবাৰৰ চানডুবি উৎসৱে ১৫টা বৰ্ষত ভৰি দিছে। উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভা আৰু সম্পাদক সত্যজিৎ ৰাভাই বিগত বৰ্ষ সমূহৰদৰে উৎসাহ–উদ্দীপনাৰে এই বৰ্ষৰ চানডুবি উৎসৱত অংশ গ্ৰহণ কৰিবলৈ সমূহ ৰাইজৰ প্ৰতি অনুৰোধ জনাইছে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward