প্ৰকাশিত তাৰিখঃ ১৬ ডিচেম্বৰ, ২০২৪
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী উন্নয়ন খণ্ডত সংঘটিত এক চুৰি কাণ্ডই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ যে আজি ৰাণী উন্নয়ন খণ্ডৰ বিষয়ববীয়া সকলে উন্নয়ন খণ্ডটোৰ বহু সামগ্ৰী নোহোৱা হোৱাটো ধৰা পেলায়। কোনো বিভাগীয় অনুমতি অবিহনে কেইজনমান কৰ্মচাৰীয়ে উন্নয়ন খণ্ডটোৰ বহু সামগ্ৰী বিক্ৰী কৰি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।
উল্লেখ্য যে, শনি আৰু দেওবাৰে কাৰ্যালয় বন্ধ থকাৰ সময়তে কাৰ্যালয়টোৰপৰা খেতিপথাৰত পানী দিয়া তিনিটা পানী পাম্প, দুশখন টিনপাত, সাক্ষৰতা সমিতিৰ খণ্ড কাৰ্যালয়ৰ পুৰণি ঘৰটোৰ টিনপাত সমূহ খুলি বিক্ৰী কৰি দিয়ে।উন্নয়ন খণ্ডটোৰ বিষয়ববীয়া তথা ৰাইজৰ লোকে এই বিষয়ে খণ্ড উন্নয়ন বিষয়াগৰাকীক খবৰ দিয়াত বিষয়াগৰাকী ততাতৈয়াকৈ কাৰ্যালয়ত উপস্থিত হয়।
জানিবপৰা মতে, কাৰ্যালয়টোৰ সা-সামগ্ৰী বিক্ৰী কৰাৰ বাবে কোনেও বিধিগত অনুমতি দিয়া নাই। এইক্ষেত্ৰত উন্নয়ন খণ্ডটোৰ কাৰ্যালয়ত কৰ্মৰত সহকাৰী গাণনিক ৰূপম ভূঞা, কণিষ্ঠ সহকাৰী পিজুৰ কুমাৰ এই দুয়োগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে চুৰি কাৰ্যত সহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।
বিভাগীয় অনুমতি অবিহনে চৰকাৰী কাৰ্যালয়ৰ সামগ্ৰী বিক্ৰী কৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে তাৰবাবে ৰাইজে অপেক্ষা কৰি আছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News