প্ৰকাশিত তাৰিখঃ ১০ ফেব্ৰুৱাৰী, ২০২৫
চানডুবি নিউজ ৰেপ’ৰ্ট –
পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমাঞ্চলৰ জিমিৰিগাঁৱত ৮ৰপৰা ৯ফেব্ৰুৱাৰীৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় জিম ফেষ্টিভেল। উল্লেখ্য যে ব্ৰহ্ম অফ ৰ’ডাৰচ সংস্থাৰ উদ্যোগত আৰু জিমিৰিগাঁও য়ুথ ক্লাৱৰ সহযোগত এই জিম ফেষ্টিভেল অনুষ্ঠিত হয়।
এই প্ৰতিযোগিতাত ৪x৪ বাহনৰ অফ ৰ’ড চেলেঞ্জৰ দৰে এক ৰোমাঞ্চকৰ খেল প্ৰদৰ্শন কৰা হয়। ৯ ফেব্ৰুৱাৰীৰ প্ৰতিযোগিতাত অসম–মেঘালয়ৰ পৰা মুঠ ১৩ (তেৰ) গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।
ব্ৰহ্ম অফ ৰ’ডাৰচৰ মূল আহ্বায়ক আৰ্শ্বাদ আকিলে কয়– আমাৰ সংস্থাটো মূলতঃ ৪x৪ বাহনৰ এক এডভেঞ্চাৰ ক্লাৱ। য’ত যাতায়তৰ সু–ব্যৱস্থা নাই তাত আমি এই বাহনেৰে এডভেঞ্চাৰ কৰো। এডভেঞ্চাৰ আজিকালি এক জনপ্ৰিয় পৰ্যটন। য’ত পথ যোগাযোগ আৰু যান–বাহনৰ সা–সুবিধা নাই তেনেবোৰ ঠাইতে এডভেঞ্চাৰ পৰ্যটন গঢ়ি উঠে।
আকিলে পুনৰ কয়– জিমিৰিগাঁও এডভেঞ্চাৰ পৰ্যটনৰ এক প্ৰচুৰ সম্ভাৱনা থকা ঠাই। এই প্ৰতিযোগিতাখনত গাঁওবাসীৰ মুক্ত সহাৰিত উৎসাহিত হৈ পৰা বুলিও প্ৰকাশ কৰে।
প্ৰতিযোগিতাৰ ফলাফল অনুসৰি প্ৰতিযোগীসকলৰ প্ৰথমগৰাকীক ১৫হেজাৰ, দ্বিতীয় গৰাকীক ১০ হেজাৰ আৰু তৃতীয় গৰাকীক ৫হেজাৰ নগদ ধন পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News