Saturday, February 22, 2025
HomeNEWSবৰদুৱাৰ বাগানত ভূমি উচ্ছেদ ষড়যন্ত্ৰৰ বিৰোধিতাৰে ৰাজহুৱা প্ৰতিবাদ

বৰদুৱাৰ বাগানত ভূমি উচ্ছেদ ষড়যন্ত্ৰৰ বিৰোধিতাৰে ৰাজহুৱা প্ৰতিবাদ

প্ৰকাশিত তাৰিখঃ ১৪ ফেব্ৰুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা তথা পলাশবাৰী ৰাজহ চক্ৰৰ বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত ১৩ ফেব্ৰুৱাৰীত বৃহৎ ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত হয়। বৃহত্তৰ বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ ৰায়তসকলক ষড়যন্ত্ৰমূলকভাৱে উচ্ছেদ কৰিব খোজা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এই ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে, ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে ইষ্ট–ইণ্ডিয়া কোম্পানীৰ উদ্যোগত ১৮৬১ চনত কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ বৰদুৱাৰত চাহখেতিৰ পাতনি মেলিছিল। ব্ৰিটিছ চৰকাৰে চাহখেতিৰ বাবে বৰদুৱাৰ টী এণ্ড টিম্বাৰ কোম্পানীলৈ পতিত ভূমি হিচাপে শ্ৰেণীভূক্ত কৰি ১৩,৭০০ বিঘা ভূমি প্ৰদান কৰিছিল। যি ভূমিত জনজাতীয়লোক সকলে পূৰ্বৰেপৰা বসবাস কৰি অহা বহুকেইখন গাঁও অন্তৰ্ভূক্ত হৈ পৰিছিল। ব্ৰিটিছ চৰকাৰে চাহখেতিৰ বাবে মাটিৰ স্থায়ী স্বত্ব প্ৰদান কৰিলে যদিও জনজাতীয়লোক সকলৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহন নকৰিলে।

আনকি আজিপৰ্যন্ত মানুহখিনিয়ে ভূমিৰ অধিকাৰ বঞ্চিত হৈয়েই থাকিল। বিপৰীতে– চৰকাৰে আজি সেই গাঁও সমূহক উচ্ছেদ কৰি প্ৰায় এহেজাৰ বিঘা ভূমি কোনো পুঁজিপতি বণিয়াৰ হাতত গোটোৱাৰহে এক ষড়যন্ত্ৰ চলাইছে। চৰকাৰৰৰ ষড়যন্ত্ৰৰ বাতৰি লাভ কৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজ জাঙুৰ খাই উঠিছে। তাৰ প্ৰতিবাদতেই অঞ্চলটোত বৃহৎ ৰাজহুৱা প্ৰতিবাদী সভাৰ আয়োজন।প্ৰতিবাদী সভাখনত সভাপতিত্ব কৰে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ সমন্বয়ক গোবিন্দ ৰাভাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া দেৱজিৎ নাফাই।

প্ৰতিবাদী সভাত উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয়– আজি অসমৰ কাজিৰঙা, নগাঁও, সোণাপুৰ, বৰদুৱাৰকে আদিকৰি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে খিলঞ্জীয়া লোকৰপৰা ভূমিৰ অধিকাৰ হেৰুৱাবলৈ আৰম্ভ কৰিছে। ব্ৰিটিছ শাসিত অসমৰ সাৰুৱা মাটি পুঁজিপতি মালিকগোষ্ঠীৰ হাতত অৰ্পন কৰিছিল। স্বাধীন দেশৰ চৰকাৰেও ব্ৰিটিছৰ একে নীতিকেই অনুসৰণ কৰিছে। চৰকাৰে ভূমি সংক্ৰান্তীয় বহু আইন আনিছে, কিন্তু বাস্তৱত ৰাইজে ভূমিৰ অধিকাৰ পোৱা নাই। যদি ভূমিৰ অধিকাৰেই নাথাকে তেনেহ’লে সমাজ কেনেকৈ বৰ্তি থাকিব? সেয়ে চৰকাৰী ষড়যন্ত্ৰ ওফোৰাই ভূমিৰ অধিকাৰ কাঢ়ি আনিবলৈ ৰাইজে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবই লাগিব।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কুমাৰ কলিতাই কয়– ভাৰতবৰ্ষত উন্নয়নৰ নামত যিমানবোৰ ঠাইত উচ্ছেদ কাৰ্য চলোৱা হৈছে সেয়া সকলোবোৰ জনজাতীয় এলেকাৰ ভূমিত চলোৱা হৈছে। গতিকে নিজৰ ভূমিৰ অধিকাৰ সাব্যস্ত কৰিলৈ জনজাতীয় নেতাসকলে শক্তিশালী ৰূপত আন্দোলন গঢ়ি তুলিবই লাগিব। নহ’লে আজিৰ পৰা ৫০ বছৰ পিছত যি উন্নয়ন হ’ব তাত জনজাতীয়লোক সকলে শ্ৰমিক হ’ব লাগিব। বিপৰীতে কোনো পুঁজিপতি বণিকগোষ্ঠীয়ে সেইখিনি ভূমিখিনি মালিকীস্বত্ব লাভ কৰিব।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন এগৰাকী অধিবক্তা কৃষ্ঞ গগৈয়ে কয়– ১৯৭২ চনৰ অসমত প্ৰচলিত যিখন ৰায়তী আইন আছে সেইখনতে ৰায়তসকলক ভূমিৰ স্বত্ব লাভৰ অধিকাৰ দিয়া আছে। তাৰ পিছত ৰায়তীসকলৰ বাবে ভূমিৰ অধিকাৰ দিয়াৰ নামত বসুন্ধৰা আইনৰ কোনো প্ৰয়োজনেই নাই। কিন্তু চৰকাৰে বসুন্ধৰা আইনৰ জৰিয়তে ভূমি অধিকাৰৰ নামত ৰায়তক নতুনকৈ আভূৱা ভাৰিবলৈ লৈছে।

সভাখনত নিখিল ভাৰত কৃষক কমিটিৰ বিষয়ববীয়া জয়ন্ত গগৈ, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সুব্ৰত তালুকদাৰ, অসম ভূমি সুৰক্ষা পৰিষদৰ দেৱজিৎ চৌধুৰী, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰমেশ মালী, গৰিয়া–মৰিয়া জাতীয় পৰিষদৰ আব্দুল ৰচিদ, নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক সমিতি, ষষ্ঠ অনুসূচী দাবী সমিতি, আঞ্চলিক মহিলা পৰিষদ, আদিবাসী ছাত্ৰ সন্থাকে আদিকৰি বিভিন্ন দল–সংগঠনে অংশ গ্ৰহণ কৰে।

উক্ত সভাত কণ্ঠশিল্পী জীতু দাসে মাটি–মানুহৰ গান এটি পৰিৱেশন কৰি উপস্থিত ৰাইজক জাগৃত কৰি তোলে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward