প্ৰকাশিত তাৰিখঃ ১৪ ফেব্ৰুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
চৰ–চাপৰি সাহিত্য পৰিষদ, অসমে অহা ২০ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত এখনি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে। উক্ত অনুষ্ঠানত জননেতা, সুলেখক হেমেন দাসদেৱক দ্বাদশবৰ্ষ ‘ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সন্মান’ প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে, এই বঁটাৰ লগত মানপত্ৰ আৰু অন্যান্য উপহাৰ সামগ্ৰীৰ লগতে নগদ ধন কুৰি হেজাৰ টকাও আগবঢ়োৱা হ’ব।
এই অনুষ্ঠানতে পশ্চিমবংগৰ প্ৰতিবাদী কবি মৌমিতা আলমক দ্বিতীয় বাৰ্ষিক ‘সোমজান নেছা সোঁৱৰণী সাহিত্য সন্মান’ প্ৰদান কৰা হ’ব। নাৰীসকলৰ সমস্যা আৰু অধিকাৰ সন্দৰ্ভত লিখা–মেলা একোগৰাকী লেখিকাক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়। অন্যান্য উপহাৰ সামগ্ৰীৰ লগতে এই বঁটাৰ সৈতে নগদ ধন দহ হেজাৰ টকাও প্ৰদান কৰা হ’ব।
তদুপৰি এই অনুষ্ঠানতে লোকসংস্কৃতিৰ সাধক, সুলেখক তথা সাংবাদিক আনোৱাৰ হোছেইনলৈ ১৯৭২ চনত খাৰুপেটীয়াত অসমীয়া ভাষাৰ হকে প্ৰাণ উছৰ্গা কৰা জংগলপাৰা চাপৰিৰ কৃষক–শ্বহীদ ওমৰ আলীৰ সোঁৱৰণত ষষ্ঠ বাৰ্ষিক ‘শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান’ আগবঢ়োৱা হ’ব।
চৰ–চাপৰি সাহিত্য পৰিষদ, অসমৰ প্ৰধান সম্পাদক আনোৱাৰ হোছেইনে বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ সকলোকে সাদৰে আমন্ত্ৰণ জনাইছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ