Saturday, April 19, 2025
HomeNEWSৰাণীৰ বাকাৰাপাৰাত নিৰ্মিত মিনি ষ্টেডিয়াম সম্প্ৰতি মুকলি হোৱাৰ পথত

ৰাণীৰ বাকাৰাপাৰাত নিৰ্মিত মিনি ষ্টেডিয়াম সম্প্ৰতি মুকলি হোৱাৰ পথত

প্ৰকাশিত তাৰিখঃ ৭ এপ্ৰিল, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে অসম বিধান সভাত প্ৰতিটো সমষ্টিত কমেও একোখনকৈ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হব বুলি কৰা ঘোষণা কৰিছিল। সেই ঘোষণাৰ আধাৰতে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ চাহ বাগিচাৰ সমীপৰ বাকাৰাপাৰাত নিৰ্মাণ হৈ আছে এখন অত্যাধুনিক ষ্টেডিয়াম। স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০২৩ চনৰ শেষৰ পিনে উপৰদানী তালুক কমিটীয়ে অসম চৰকাৰৰ ক্ৰীড়া বিভাগক ২৫ বিঘা ভূমি দান হিচাপে আগবঢ়াইছিল।

উল্লেখ্য যে, স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ বিশেষ উদ্যোগত অসম চৰকাৰৰ লোক নিৰ্মাণ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষই প্ৰথম পৰ্যায়ত প্ৰায় ১২কোটি টকা ব্যয়েৰে এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল। সেই অনুসৰি বিগত ২০২৪বৰ্ষৰ ১৬মাৰ্চত মাংগলিক কাৰ্য সমাপনেৰে    বিধায়কগৰাকীয়ে বাকাৰাপাৰাত উপৰদানী মিনি ষ্টেডিয়ামৰ আধাৰ শিলা স্থাপন কৰিছিল। আধাৰ শিলা স্থাপন কালত ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ উঠিব বুলি বিভাগীয়ভাবে ঘোষণা কৰা হৈছিল।

ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্যৰ তদাৰকীৰ দায়িত্বত থকা অভিযন্তাগৰাকীয়ে সদৰি কৰা মতে– নিৰ্মাণ কাৰ্য লাভ কৰা ঠিকাদাৰ গৰাকীয়ে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। সেয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। ইতিমধ্যে ৮৫ শতাংশতকৈ অধিক কাম সম্পূৰ্ণ হৈ উঠিছে। কাৰিকৰীভাৱে বিজুতি নঘটিলে আগন্তুক ব’হাগ মাহৰ শেষত অথবা তাৰ আগতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। তাৰপাছত বিভাগীয় নিয়মানুসৰে অসম চৰকাৰৰ ক্ৰীড়া বিভাগক হস্তান্তৰ কৰা হব।

স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জানিবলৈ দিয়া মতে ষ্টেডিয়ামখন খেলৰ বাবে মুকলি কৰি দিয়াৰ পাছত পশ্চিম গুৱাহাটীৰ উপৰিও দক্ষিণ কামৰূপৰ গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰখনত ইতিবাচক প্ৰভাৱ পৰিব আৰু নিশ্চিতভাৱে খেলুৱৈসকলৰ প্ৰতিভা বিকাশত সহায়ক হ’ব।

আনহাতে, ক্ৰীড়া বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি প্ৰস্তাৱিত মিনি ষ্টেডিয়ামখনত ফুটবল, ভলীবল, ইনড’ৰ গেমছ, এথলেটিকছ আদিকৰি বিভিন্ন খেলৰ সা–সুবিধা থাকিব। ষ্টেডিয়ামখনত খেলুৱৈসকলৰ শৰীৰ চৰ্চাৰ বাবে জিম হল, জিৰণি কোঠা, বিশ্ৰাম গৃহ, ড্ৰেছিং ৰূম তথা ড্ৰেছ চেঞ্জিং কক্ষ, চিকিৎসা কক্ষ, ৰান্ধনীশালাকে ধৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃগাঁথনিৰ সুবিধা উপলব্ধ হ’ব। বৰ্তমান ফুটবল খেলপথাৰখনৰ শেহতীয়া নিৰ্মাণ কাৰ্য চলি আছে। উক্ত স্থানত একেলগে পাঁচ শতাধিক দৰ্শকে বহি ফুটবল খেল উপভোগ কৰিব পৰাকৈ প্ৰায় ৩৪০বৰ্গমিটাৰ আয়তনৰ এটা পেভেলিয়ান নিৰ্মাণ কৰা হৈছে। ইনড’ৰ ষ্টেডিয়ামখনত দুটা বেডমিণ্টন কৰ্ট আৰু চাৰিখন টেবল টেনিছ কৰ্টৰ সুবিধা উপলব্ধ হ’ব। একেদৰে যান-বাহন ৰাখিবৰ বাবে ৩,১০০ বৰ্গমিটাৰ এলেকাযুক্ত এটা বিশাল পাৰ্কিং স্থান নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী সময়ত ষ্টেডিয়ামখনত পুৰুষ-মহিলা খেলুৱৈৰ বাবে সুকীয়া সুকীয়া হোষ্টেল নিৰ্মাণৰ বাবেও আঁচনি গ্ৰহণ কৰা হব।

এই সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লোকনিৰ্মাণ গৃহ বিভাগৰ জালুকবাৰী উপ–সংমণ্ডল কাৰ্যালয়, দায়িত্ববাহী ঠিকাদাৰ, ভূমি দাতা উপৰদানী তালুক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে মিনি ষ্টেডিয়ামখনত দৰ্শনাৰ্থীসকলে খেল উপভোগ কৰাই নহয় মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যও উপভোগ কৰিব পাৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward