প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০২৫
চানডুবি নিউ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত ১৯ এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ১৮সংখ্যক কামৰূপ জিলা উশ্বু প্ৰতিযোগিতা-২০২৫। ল’ৰা আৰু ছোৱালীৰ মাজত চাব জুনিয়ৰ, জুনিয়ৰ, য়ুথ আৰু চিনিয়ৰ শীতানত এই খেল অনুষ্ঠিত হ’ব। কামৰূপ জিলা উশ্বু এছ’চিয়েশ্বন আৰু উশ্বু এছ’চিয়েশ্বন অৱ আসাম’ৰ সহযোগত ৰাণী ক’চিং চেণ্টাৰে প্ৰতিযোগিতাখন আয়োজন কৰিছে।
প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি– ১৯ এপ্ৰিলৰ ১২ বজাত পঞ্জীয়ন শুভাৰম্ভ। আবেলি ২ বজাত পতাকা উত্তোলন কৰিব কামৰূপ (গ্ৰাম্য) জিলা উশ্বু সন্থাৰ সভাপতি নিত্যানন্দ বিয়োগী, ৰাণী কোচিং চেণ্টাৰৰ সভাপতি গোবিন্দ বড়োই। আবেলি ২.৩০ বজাত খেল উদ্বোধন কৰিব অসম অলিম্পিক সন্থাৰ সহঃ সম্পাদক তথা অসম ফুটবল সন্থাৰ সম্পাদক হিমাংশু শ্বেখৰ বৈশ্যই।
২০ এপ্ৰিলৰ পুৱা ৯ বজাত খেল আৰম্ভ। আবেলি ৪ বজাত পুৰস্কাৰ বিতৰণী সভা। এই সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক হেমন্ত চৌধুৰীয়ে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব অসম উশ্বু সন্থাৰ সম্পাদক ৰঞ্জিত বড়ো আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত পাৰিষদ পুষ্পাঞ্জলী কুমাৰী বড়োই।
প্ৰতিযোগিতাখনত অঞ্চলবাসী ৰাইজৰ পূৰ্ণ সহযোগ কামনা কৰিছে ৰাণী কোচিং চেণ্টাৰৰ সভাপতি গোবিন্দ বড়ো আৰু সম্পাদক দ্বীপজ্যোতি বড়োই।