প্ৰকাশিত তাৰিখঃ ৫ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটীস্থ বেচৰকাৰী অনুষ্ঠান নৰ্থ–ইষ্ট ডেভেল’পমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত আজি বিশ্ব পৰিৱেশ দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। কাৰ্যসূচী অনুসৰি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উপৰহালী ৰাজহুৱা নামঘৰ চৌহদত গছপুলি ৰোপন কৰা হয়।
উক্ত অনুষ্ঠানটোৰ আঁত ধৰে নৰ্থ-ইষ্ট ডেভেল’পমেন্ট ফাউণ্ডেশ্যনৰ সম্পাদক ধৰ্মেন্দ্ৰ কলিতাই।
অনুষ্ঠানত নৰ্থ-ইষ্ট ডেভেলপমেন্ট ফাউণ্ডেশ্যনৰ সভাপতি ৰত্ন দেৱ শৰ্মা, উপদেষ্টা তথা ভাৰতীয় জনতা পাৰ্টীৰ অনুসুচিত জাতি মৰ্চাৰ উপ–সভাপতি কুশলজ্যোতি মালাকৰ, উপদেষ্টা তথা সমাজ কৰ্মী ৰাম কুমাৰ দাস, মনোমোহন তালুকদাৰ, জীতেন দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৰকান্ত অধিকাৰী, অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক কুমুদ ভাগৱতী, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি, বিশ্ব হিন্দু পৰিষদৰ সদস্য শশী ভূষন কুমাৰ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ দক্ষিণ কামৰূপ জিলাৰ মূখ্য মাৰ্গ দৰ্শক হৰি ৰাভা, উপৰহালী ৰাইজ গয়ৰহৰ সম্পাদক প্ৰবিত্ৰ কুমাৰ তালুকদাৰ, উপ-সভাপতি কমলেশ্বৰ তালুকদাৰ, উপৰহালী গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সদস্য বিমল দাস, লগতে মহাবিদ্যালয়খনৰ শিক্ষাগুৰু, শিক্ষাৰ্থী লগতে কৰ্মচাৰীসকল উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ