Monday, July 28, 2025
HomeNEWSৰাণী বন বিভাগৰ অভিযানঃ জব্দ ৪ লক্ষাধিক মূল্যৰ চোৰাং কাঠ

ৰাণী বন বিভাগৰ অভিযানঃ জব্দ ৪ লক্ষাধিক মূল্যৰ চোৰাং কাঠ

প্ৰকাশিত তাৰিখঃ ৭ জুলাই, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে ২৯ জুনৰ নিশা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই সফলতা লাভ কৰে। ৰাণীৰ বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মনৰ নেতৃত্বত চলা এই অভিযানত হকখাবৰী গাঁৱৰ মাণিক মজুমদাৰৰ পৰা বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ এক খবৰ অনুসৰি– প্ৰায় ৪লক্ষাধিক মূল্যৰ চোৰাং কাঠখিনি মাণিক মজুমদাৰৰ এটি আছুতীয়া ঘৰত লুকাই ৰাখিছিল। চোৰাং কাঠখিনি ঘটনাস্থলীত জব্দ কৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ অনা হয়। সন্দেহ কৰা মতে– মেঘালয়ৰ পৰা কিছুদিন পূৰ্বে কোনো গোপন পথেৰে কাঠখিনি অসমলৈ আনি উক্ত ঘৰটোত ৰখা হৈছিল।

উল্লেখ্য যে বিগত ২০২৪বৰ্ষৰ অক্টোবৰত ৰ’জী বৰ্মনে ৰাণীত বনাঞ্চলিক বিষয়া হিচাপে যোগদান কৰাৰ পাছৰেপৰা বন ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে মেঘালয়ৰ পৰা অসমলৈ অনা অৱস্থাত কেইবাখনো চোৰাং কাঠ সৰবৰাহ কৰা ট্ৰাক জব্দ কৰিবলৈও সক্ষম হৈছিল।

জানিব পৰা মতে মাণিক মজুমদাৰ নামৰলোক জন পূৰ্বেও চোৰাং কাঠ সৰবৰাহৰ ঘটনাত জেললৈ যাবলগীয়া হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward