প্ৰকাশিত তাৰিখঃ ২৫ জুলাই, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
অসমৰ যাত্ৰা জগতত দক্ষিণ কামৰূপৰ যাত্ৰাপাৰ্টীৰ নাম ল’বই লাগিব। দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ছয়গাঁও চম্পকনগৰৰ পৰা ২০০৬ চনত জন্ম লাভ কৰা ‘বিষ্ণু–জ্যোতি নাট্য গোষ্ঠী’য়ে এইবেলি কুৰি বছৰত ভৰি দিলে। দুই দশক গৰকা এই যাত্ৰা নাট্য দলটোৱে এইবেলি বিষ্ণু–জ্যোতি নাট্য গোষ্ঠীৰ পৰা ৰূপান্তৰ ঘটি ‘বিষ্ণু–জ্যোতি মিনি থিয়েটাৰ’ নামেৰে ন–ৰূপত ন–সাজেৰে সাজি–কাচি ওলাবলৈ সাজু হৈছে।
দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী বিপুল দাস পৰিকল্পিত তথা প্ৰযোজিত বিষ্ণু–জ্যোতি মিনি থিয়েটাৰৰ আজি এক মাংগলিক কাৰ্যসূচীৰে ২০২৫-২৬ নাট্য বৰ্ষৰ শুভ মহুৰৎ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়৷ পুৱাৰ ভাগৰ পৰা নাৰায়ণ পূজাৰে আৰম্ভ হোৱা নাট্য দলটোৰ দুপৰীয়া নাৰিকল ভাঙি শুভ মহুৰৎ অনুষ্ঠানৰ আৰম্ভণি কৰে সমাজকৰ্মী তথা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পংকজলোচন গোস্বামীয়ে৷
এই অনুষ্ঠানৰ পিচতেই শিল্পীসকলে পৰিৱেশন কৰা নটৰাজ বন্দনা আৰু শিল্পী পৰিচয়েৰে কাৰ্যসূচী আৰম্ভ হয়। নাট্য দলটোৱে এইবৰ্ষত মঞ্চস্থ কৰিবলগীয়া তিনিওখন নাট তিনিগৰাকী বিশিষ্ট ব্যক্তিয়ে উন্মোচন কৰে।
ৰামায়ণৰ কাহিনীৰ আধাৰত পৰিমল ভৌমিক ৰচিত পৌৰাণিক নাট ‘মহীৰাৱণ বধ’ নামৰ নাটখন উন্মোচন কৰে চম্পকনগৰৰ এগৰাকী সামাজিক কৰ্মী তথা বিশিষ্ট ব্যক্তি কমল দাসে৷
আনহাতে প্ৰয়াত ভৱেন বৰুৱা ৰচিত ‘গাভৰু নোহোৱাই ভাল’ নামৰ নাটখন উন্মোচন কৰে ছয়গাঁৱৰ এগৰাকী সামাজিক কৰ্মী তথা অভিনেতা তৰুণ কলিতাই।
নাট্য দলটোৰ প্ৰযোজক তথা সাংবাদিক বিপুল দাসে পোন প্ৰথমবাৰৰ বাবে লিখি উলিওৱা এখনি সাম্প্ৰতিক সময়ৰ দলিল স্বৰূপ তথা পৰিয়ালৰ সকলোৰে উপভোগ্য সামাজিক নাট ‘মুখা’ উন্মোচন কৰে ছয়গাঁৱৰ এগৰাকী শিক্ষক তথা অভিনেতা দ্বিজেন শৰ্মাই৷
নাট্য দলটোৰ আজিৰ এই শুভ মহুৰৎ অনুষ্ঠানত দলটোৰ কৰিঅ’ গ্ৰাফাৰ তথা কলা নিৰ্দেশক মিঠুন দাস, নৃত্য পৰিচালক ভাস্কৰ ঠাকুৰীয়া,সংগীত পৰিচালক ভাস্কৰ দেৱান, আন এগৰাকী সংগীত পৰিচালক তথা নাট্য দলটোৰ সংগীত শিল্পী লৱ কুমাৰ দাস, এগৰাকী নাট পৰিচালক তথা নাট্য দলটোৰ এগৰাকী আগশাৰীৰ শিল্পী হেমন্ত দাস, নাট পৰিচালক হিৰণ্য কলিতাৰ লগতে ছয়গাঁও চণ্ডিকা দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক যতীন দাস, সাংস্কৃতিক কৰ্মী হৰিণ শালৈ, কুকুৰমাৰাৰ কল্পজ্যোতি নাট্য পৰিষদৰ প্ৰযোজক প্ৰদীপ দাস, উপৰি পলাশবাৰী সমষ্টিৰ যুৱ নেতাদ্বয় তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনুপ কুমাৰ মেধি আৰু হিমাংশ শেখৰ বৈশ্য উপস্থিত থাকি দুয়োগৰাকী যুৱ নেতাই দক্ষিণ কামৰূপৰ যাত্ৰা নাট্য দল সমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অনষ্ঠানত উপস্থিত আটাইকেগৰাকী বিশিষ্ট ব্যক্তিয়ে সাৰুৱা ভাষণ আগবঢ়াই। নাট্য দলটোৰ ২৮ জুলাইৰ পৰা আখৰা আৰম্ভ হ’ব বুলি নাট্য দলটোৰ প্ৰযোজনা নিয়ন্ত্ৰক হেমন্ত দাস আৰু সম্পাদক ৰাতুল মহন্তই জানিবলৈ দিছে৷
শিৰোনামৰ ফটোঃ চানডুবি নিউজ