প্ৰকাশিত তাৰিখঃ ৮ চেপ্টেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী হাইস্কুল খেলপথাৰত ৬চেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে এখনি ফুটবল খেল প্ৰতিযোগিতাৰ। বৃহত্তৰ ৰাণী কোচ–ৰাজবংশী সুৰক্ষা সমিতি আৰু ৰাণী আঞ্চলিক কোচ–ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত এই ফুটবল খেল প্ৰতিযোগিতাখনৰ আয়োজন কৰা হয়।
প্ৰথম বৰ্ষৰ বাবে আয়োজন কৰা এই ফুটবল খেল প্ৰতিযোগিতাখন উদ্বোধন কৰে পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।
উদ্বোধনী খেলখনত ৰাণীস্থিত মেঘালয় পুলিচ এফ চি আৰু লোহাৰঘাটৰ বাৰছু এফ চি’ৰ মাজত অনুষ্ঠিত হয়।
ফুটবল খেল প্ৰতিযোগিতাখনৰ উদ্বোধনৰ প্ৰাক্মুহুৰ্তত দক্ষিণ কামৰূপ কোচ সন্মিলনীৰ শিল্পীসকলে কুশান নৃত্য প্ৰদৰ্শন কৰি উপস্থিতিসকলক আপ্লুত কৰি তোলে।
উল্লেখ্য যে আজিৰ উত্তেজনাপূৰ্ণ খেলখন মেঘালয় পুলিচে ১–০ গ’লত বাৰছু এফ চিক পৰাস্ত কৰি পৰৱৰ্তী খেলসমূহলৈ আগবাঢ়ি থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ