Monday, October 27, 2025
HomeNEWSৰাণীত আক্ৰাছুৰ সম্বৰ্দ্ধনা অনুষ্ঠান 

ৰাণীত আক্ৰাছুৰ সম্বৰ্দ্ধনা অনুষ্ঠান 

প্ৰকাশিত তাৰিখঃ ২৭ অক্টোবৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত আঞ্চলিক কোচ–ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ২৫ অক্টোবৰত এক সম্বৰ্দ্ধনা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উল্লেখ্য যে অসম চৰকাৰৰ নিম্নলিখিত পদ সমূহত বৃহত্তৰ অঞ্চলটোৰ ৰাঙ্গাপাৰা গাঁৱৰ তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ ছাত্ৰী কণিকা স্বৰ্গীয়াৰীয়ে স্নাতকোত্তৰ শিক্ষয়িত্ৰী, গণিতৰ স্নাতক ডিগ্ৰীধাৰী ধৰমপুৰৰ ভৈৰৱ দাস আৰু আন্ধেৰীজুলিৰ মণ্টু ৰাভাই অসম আৰক্ষীত, কাঁ‌হাৰপাৰাৰ অক্ষয় মজুমদাৰে আৰক্ষী বেটেলিয়ন, নতুন ৰাণীৰ পৰিষ্মিতা দাসে আৰক্ষী কামাণ্ডো আৰু বাটাবাৰীৰ সাগৰিকা বড়োই তৃতীয় বৰ্গৰ সহায়ক হিচাপে নিযুক্তি লাভ কৰিছে। সেই শিক্ষাৰ্থী সকলক ৰাণী আঞ্চলিক কোচ–ৰাজবংশী ছাত্ৰ সন্থাৰ স্থায়ী কাৰ্যলয়ত অনুষ্ঠিত হোৱা সভাত বিহুৱান, কোচ–ৰাজবংশী গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাণী আঞ্চলিক কোচ–ৰাজবংশী ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ ভূমি দাতা সুভাষ দাস, ৰাণী আঞ্চলিক ভূমি সুৰক্ষা সমিতিৰ সভাপতি দিপক কলিতা, বৃহত্তৰ ৰাণী আঞ্চলিক কোচ–ৰাজবংশী সুৰক্ষা সমিতিৰ কোষাধ্যক্ষ মণ্টু ডেকা, সম্পাদক ৰজনীকান্ত দাস আৰু ৰাণী আঞ্চলিক আক্ৰাছুৰ সম্পাদক পৰাগজ্যোতি দাস উপস্থিতিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward