প্ৰকাশিত তাৰিখঃ ৮ ডিচেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
পুনৰ উত্তাল হৈ পৰিছে ৰাভা হাছং এলেকা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ অধীনত ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ দাবীত ইতিমধ্যে ৰাভা জাতীয় সংগঠন সমূহে এলানী ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ আহ্বানত গোৱালপাৰা আৰু কামৰূপ জিলাৰ ৰাভা হাছং পৰিষদীয় এলেকাৰ আঞ্চলিক আৰু শাখা কমিটি সমুহে এই আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।
উল্লেখ্য যে শীৰ্ষ সংগঠনকেইটাৰ আহ্বান মৰ্মে ৭ ডিচেম্বৰৰ সন্ধিয়া বৰদুৱাৰ বাগানৰ জাৰাপাটা খেলপথাৰত এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰা হয়। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ন কৰে।
আনহাতে, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীতো একেটা দিনতে ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিয়ে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।
কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাকে প্ৰতিবাদী কাৰ্যসূচীৰ আঁত ধৰি কয়– অসমত ১৯৪৯ চনতেই জনজাতিসকলৰ বাবে ষষ্ঠ অনুসূচীৰ ব্যৱস্থাটো কৰি থৈ গৈছিল। বিগত সময়চোৱাত অসমত বিভিন্ন দলৰ চৰকাৰে ৰাজপাটত বহিল, যদিও জনজাতি সকলৰ ক্ষেত্ৰত ষষ্ঠ অনুসূচীৰ ব্যৱস্থাটো প্ৰয়োগ নকৰিলে।
এই জোঁৰ সমদল কাৰ্যসূচী মুকলি কৰি ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেন্দ্ৰীয় সভাপতি দশানন ৰাভাই কয়– নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে আমাক ষষ্ঠ অনুসূচী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই বাবে আমিও চৰকাৰৰ লগত সহযোগ আগবঢ়াইলো। কিন্তু চৰকাৰে প্ৰতিশ্ৰুতি দি নিজেই পালন নকৰিলে। আমিও চাই নাথাকো। নিৰ্বাচনৰ আগত আমাৰ প্ৰতিশ্ৰুতি পুৰণ নকৰিলে আমিও নিজাববীয়াকৈ প্ৰাৰ্থী ঠিয় কৰাম।
নিখিল ৰাভা মহিলা পৰিষদৰ উপ–সভানেত্ৰী বিচিত্ৰা ৰাভাই কয়– আমাৰ অধিকাৰৰ বাবে আমি দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰাখিছো। কিন্তু অধিকাৰ আমি এতিয়াও পাবলৈ সক্ষম হোৱা নাই। তাৰ পৰিৱৰ্তে প্ৰাকৃতিক পৰিৱেশ ধ্বংস হ’ব পৰা কুলশী নদীত নদী বান্ধ, বৰদুৱাৰত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ দৰে সামাজিক পৰিৱেশ ধ্বংস হ’ব পৰা আঁচনিহে আমাৰ ওপৰত জাপি দিব খুজিছে। বিজেপি চৰকাৰলৈ প্ৰত্যাহ্বান জনাইছো আমাৰ অধিকাৰ আমাক প্ৰদান কৰক। নহ’লে অহা নিৰ্বাচনত আমিও বিজেপি চৰকাৰক সমৰ্থন নকৰো।
নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ–সভাপতি প্ৰদীপ ৰাভাই কয়– আমাৰ এই ষষ্ঠ অনুসুচী দাবী আন্দোলনখন দীঘলীয়াকৈ কৰিবলগীয়া হৈছে। আমি ষষ্ঠ অনুসূচীৰ মৰ্যাদা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছো। কিন্তু চৰকাৰে আমাক এই মৰ্যাদা প্ৰদান কৰা নাই। আমাৰ এলেকাটো ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত হ’লে আমি সুৰক্ষিত হ’ম। গতিকে আমি সুৰক্ষিত হ’ব পৰা ব্যৱস্থাটোৰ পৰাও যদি আমাক বঞ্চিত কৰে তেনেহ’লে আমিও চৰকাৰৰ প্ৰতি থকা সহযোগিতা পুনৰ চিন্তা কৰিম।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

