প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৬
চানডুবি নিউজ ডেক্স–
২৯ এপ্ৰিলৰ ঘটনা। নব গঠিত দক্ষিণ কামৰূপ জিলাৰ পশ্চিম বন সংমণ্ডল প্ৰাধিকাৰীৰ অন্তৰ্গত কুকুৰমাৰাৰ আমতলা গাঁৱত বিষক্ৰিয়াঘটাৰ ফলত দুষ্প্ৰাপ্য প্ৰজাতিৰ পোন্ধৰটা শগুনৰ মৃত্যু হয়। এই বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা শগুনকেইটা দুষ্প্ৰাপ্য হিমালয়ান গ্ৰিফান প্ৰজাতিৰ। বিশেষ সূত্ৰযোগে জানিব পৰা মতে ২৯ এপ্ৰিলৰ বিয়লি গাঁওখনৰ কেইজনমান লোকে মৃত শগুনকেইটা প্ৰত্যক্ষ কৰে। লোককেইজনে আলোচনা কৰি কুকুৰমাৰাস্থিত স্থানীয় বন বিভাগৰ কাৰ্যালয়লৈ খবৰ দিয়ে। ব্যক্তিকেইগৰাকীৰ খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় বন বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ এটি দল। বনবিভাগৰ দলটোৱে ঘটনাস্থলীৰ পৰা মৃত শগুনকেইটাৰ লগতে সংকটজনক অৱস্থাত আন তিনিটা শগুনো উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা মৃত আৰু জীৱিত শগুনকেইটা বন বিষয়াৰ কাৰ্যালয়লৈ অনা হয়।
উল্লেখযোগ্য যে, উক্ত বিষক্ৰিয়াৰ ফলত শগুনৰ লগতে আন চৰাই-চিৰিকটি আৰু কুকুৰৰো মৃত্যু ঘটিছে। বিশ্বস্তসূত্ৰে জানিব পৰা মতে– যিখন ঠাইত শগুন কেইটাৰ মৃত্যু ঘটিছিল সেই ঠাইখন এখন গৰু-ছাগলীৰ চৰণীয়া পথাৰ। এই পথাৰ খনত পোহনীয়া কুকুৰৰ উপদ্ৰৱত প্ৰায়ে গৃহস্থৰ ছাগলী মৃত্যুমুখত পৰে। কুকুৰৰ ইমানেই উপদ্ৰৱ যাৰ ফলস্বৰূপে ভূক্তভোগী গৃহস্থই ছাগলীৰ মৃতদেহত বিষ মিহলাই কুকুৰ নিধনৰ কথা চিন্তা কৰিব লগা হয়। হৈ যোৱা দুৰ্ঘটনাটোও তাৰেই ফল। কুকুৰ হত্যাৰ ফন্দি পতাৰ ফলতে দুষ্প্ৰাপ্য শগুনকেইটাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বুলি স্থানীয় সুত্ৰই সন্দেহ প্ৰকাশ কৰে।
শিৰোনামৰ ছবিঃ গুগল ইমেজ
Photo courtesy: Google Image