Saturday, April 20, 2024
HomeNEWSধাঙ্গাৰ গাঁৱৰ উখল–মাখল পৰিৱেশ আজি নিশা নিজম পৰিব

ধাঙ্গাৰ গাঁৱৰ উখল–মাখল পৰিৱেশ আজি নিশা নিজম পৰিব

প্ৰকাশিত তাৰিখঃ ২১ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ধাঙ্গাৰগাঁও ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক মহিলা পৰিষদৰ অধিবেশনৰ আজি অৰ্থাৎ ২১ ছেপ্টেম্বৰৰ নিশা নিজম পৰিব। ইয়াৰ লগে লগে আজি প্ৰায় দুমাহ ধৰি অধিবেশন প্ৰস্তুতিৰ বাবে জীপাল হৈ থকা খেলপথাৰখনত যেন এক নিমাও মাও পৰিৱেশে বিৰাজ কৰিব। অধিবেশনৰ নিয়মীয়া কাৰ্যসূচী অনুসৰি– ৰাতিপুৱা পতাকা উত্তোলন কৰে বাৰছু’ৰ সভাপতি কমলেশ্বৰ ৰাভা আৰু মহিলা পৰিষদৰ সভানেত্ৰী বাসন্তী ৰাভাই। নিখিল ৰাভা ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক দেৱজিৎ নাফাই শ্বহীদ তৰ্পণ কৰে। দ্য’ মিৰ’ৰ সঞ্চালক তথা দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পবিত্ৰ ৰাভাই সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে।

উল্লেখযোগ্য যে, ১৯৮০ চনৰ ২৩ জুনত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ জন্ম হৈছিল। সেই অনুসৰি সংগঠনটোৰ বয়স বৰ্তমান ৪২ বছৰ। সংগঠনটো গঠনৰ সময়ত অংগীকাৰবদ্ধ হৈছিল নিজ জাতিটোৰ পৰা হেৰাই যাব ধৰা মুখৰ ভাষা, জাতিৰ পৰিচয়, অন্ন–বস্ত্ৰ আদি অস্তিত্ব ৰক্ষাৰ হ’কে। নিজ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ প্ৰতি কৰি অহা সংগ্ৰামখন আজিও অব্যাহত আছে। ১৯৮০ চনৰ পৰা আজিলৈকে সংগঠনটোৱে নিজ জাতিটোৰ হ’কে বহুখিনি যুঁজিলে। অসমৰ ভূমিপুত্ৰ হৈয়ো ভূমিৰ ওপৰত নাই কোনো অধিকাৰ। বনাঞ্চলৰ ভূমিত বসবাস কৰি থকা বাবে বহুক্ষেত্ৰত এই ভূমিপুত্ৰ সকল চৰকাৰী উন্নয়নৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

আবেলিৰ মুকলি সভা দ্বৈতভাৱে সঞ্চালনা কৰে বাৰছু’ৰ সভাপতি কমলেশ্বৰ ৰাভা আৰু আঞ্চলিক মহিলা পৰিষদৰ সভানেত্ৰী বাসন্তী ৰাভাই। সভাৰ আদৰণি ভাষণ আৰু অভিভাষণ পাঠ কৰে ক্ৰমে– বাৰছু’ৰ উপ–সভাপতি সুভাষ চিনাল আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি অৰুণ দীয়াই। এই মুকলি সভাতে মুখপত্ৰ ‘ৰাংচাৰি’ আৰু ‘নেতখ্ৰক’ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড উপেন ৰাভা হাকাচা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিষ্ঠাপক সম্পাদিকা লক্ষী ৰাভাই। স্মৃতিগ্ৰন্থ ‘জিমিলিতুলি’ উন্মোচন কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড ললিত চন্দ্ৰ ৰাভাই। মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ শিক্ষামন্ত্ৰী ডা ৰণোজ পেগুৱে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, বৃহত্তৰ অঞ্চলটোৰ আন্তগাঁথনি যথেষ্ট উন্নতি ঘটিছে। বিশেষকৈ ৰাস্তাঘাতৰ উন্নতি ঘটাৰ পিচত শিক্ষিত ল’ৰা–ছোৱালীৰ হাৰ বাঢ়ি গৈছে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই নিৰ্দিষ্ট বক্তা ৰূপত উপস্থিত থকা  সভাখনত সন্মানীয় অতিথিৰূপত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। আজিৰ সভাত নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, আছু’ৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, অভিনেত্ৰী অনন্যা কাশ্যপ লগতে বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে ভাৰত চৰকাৰৰ গীত–নাট বিভাগৰ বাদ্যশিল্পী তথা সুদক্ষ বাঁহী বাদক পৱন ৰাভাই। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মণ্টুমণি, ৰূপাংকৃতা–অলংকৃতা, বৰষা আৰু সুকন্যাৰ লগতে স্থানীয় শিল্পীসকলেও গীত–মাত পৰিবেশন কৰিব। আয়োজক সকলে অধিবেশনৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী নিশা ১২ বজাত ৰাভা জাতীয় সংগীতেৰে সামৰণি পেলাব।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward