Friday, March 29, 2024
HomeNEWSবৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ দ্বি–বাৰ্ষিক অধিবেশন

বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ দ্বি–বাৰ্ষিক অধিবেশন

প্ৰকাশিত তাৰিখঃ ১৯ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা (বাৰছু)ৰ বিংশতিতম দ্বি–বাৰ্ষিক আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ দশম দ্বি–বাৰ্ষিক অধিবেশন। অহা ২০ আৰু ২১ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলৰ ধাঙ্গাৰগাঁও ৰাজহুৱা খেলপথাৰত সংগঠন দুটাই দ্বৈতভাৱে আয়োজন কৰিছে এই অধিবেশনৰ। অভ্যৰ্থনা সমিতিৰ সভাপতি অৰুণ দিয়া, সম্পাদক বিৰেশ ৰাভাই জনোৱা অনুসৰি অধিবেশনখনৰ মুখ্য কাৰ্যসূচী সমূহ এনেধৰণৰ– ২০ ছেপ্টেম্বৰৰ ৰাতিপুৱা ৪ বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰিব মিৰ্জাস্থিত যুৱ ব্যৱসায়ী নিকু তালুকদাৰে। ৮-৩০ কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ দ্বাৰা অধিবেশনৰ দ্বাৰ মুকলি। ৯ বজাত কুলশী বনাঞ্চলিক বিষয়া দ্বীপন ডেকা আৰু লোহাৰঘাট বনাঞ্চলিক বিষয়া চেমিম আখটাৰৰ দ্বাৰা বৃক্ষৰোপণ। ৯-৩০ বজাত অতিথিশালা মুকলি কৰিব বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি আদিত্য ৰাভাই। ১০ বজাত সাহিত্য চ’ৰা মুকলি কৰিব লোকসংস্কৃতিৰ সাধক ভূবিন ৰাভাই।

২১ ছেপ্টেম্বৰৰ কাৰ্যসূচী অনুসৰি– ৭-৩০ বজাত পতাকা উত্তোলন কৰিব বাৰছুৰ সভাপতি কমলেশ্বৰ ৰাভা, আৰু মহিলা পৰিষদৰ সভানেত্ৰী বাসন্তী ৰাভাই। ৮ বজাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক দেৱজিৎ নাফাৰ দ্বাৰা শ্বহীদ তৰ্পণ। ৮-৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰিব পশ্চিম কামৰূপ বনসংমণ্ডল বিষয়া ডিম্পী বৰাই। ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী তথা দাপোণ দ্য মিৰ’ৰ সঞ্চালক পবিত্ৰ ৰাভাই। দুপৰীয়া ১-৩০ বজাত বাৰছুৰ সভাপতি কমলেশ্বৰ ৰাভাৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হ’ব। বাৰছুৰ উপ–সভাপতি সুভাষ চিনালে আদৰণী ভাষণ আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি অৰুণ দিয়াই অভিভাষণ পাঠ কৰিব। মুকলি সভাত বহুকেইগৰাকী নিমন্ত্ৰীত অতিথিও উপস্থিত থাকিব। আবেলি ২বজাত মুখপত্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচন। মুখপত্ৰ ‘ৰাংচাৰি’ উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড উপেন ৰাভা হাকাচামে। মুখপত্ৰ ‘নেতখ্ৰক’ উন্মোচন কৰিব নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিষ্ঠাপক সম্পাদিকা লক্ষী ৰাভাই। স্মৃতিগ্ৰন্থ ‘জিমিলিতুলি’ উন্মোচন কৰিব দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড ললিত চন্দ্ৰ ৰাভাই। মুকলি সভাত শিক্ষামন্ত্ৰী ডা ৰণোজ পেগু মুখ্য অতিথি, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা বিশিষ্ট অতিথি, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা নিৰ্দিষ্ট বক্তা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব। সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব অনাতাঁৰ শিল্পী তথা বিশিষ্ট বাঁহী বাদক পৱন ৰাভাই। নিশিাৰ সাংস্কৃতিক অনুষ্ঠানত বহুকেইগৰাকী প্ৰতিস্থিত শিল্পীৰ লগতে স্থানীয় শিল্পীসকলেও গীত–মাত পৰিবেশন কৰিব। অধিবেশনৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী নিশা ১২ বজাত ৰাভা জাতীয় সংগীতেৰে অন্ত পেলাব। ইয়াৰ লগেলগে দুদিনীয়া অধিবেশনৰ সকলো কাৰ্যসূচীৰ সমাপ্তি ঘটিব।

উল্লেখযোগ্য যে, অধিবেশনৰ দুয়োটা দিনতে ৰাভাসকলৰ পৰম্পৰাগত খেলধেমালি ‘লেৱা টানা’ প্ৰতিযোগিতা পুৰুষ–মহিলাৰ মাজত অনুষ্ঠিত হ’ব।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward