Saturday, April 20, 2024
Homeবাতৰিঅসম সাহিত্য সভাৰ উদ্যোগত চলিব চৰকাৰে বন্ধ কৰা বিদ্যালয় সমূহ

অসম সাহিত্য সভাৰ উদ্যোগত চলিব চৰকাৰে বন্ধ কৰা বিদ্যালয় সমূহ

প্ৰকাশিত তাৰিখঃ ৪ মাৰ্চ, ২০১৯

 

চি এন ডেক্স

অসম চৰকাৰে বন্ধ কৰা মাতৃভাষাৰ বিদ্যালয় সমূহ খোলাৰ সিদ্ধান্ত লৈছে অসম সাহিত্য সভাই। ছাত্ৰ–ছাত্ৰীৰ অভাৱত যি সমূহ বিদ্যালয় বন্ধ কৰি দিছিল সেয়া সাহিত্য সভাৰ সহযোগত পাঠদান কাৰ্য চলাব। আনকি সাহিত্য সভাই প্ৰতিখন জিলাত নতুনকৈ বিদ্যালয় গঢ়ি তোলাৰ ব্যৱস্থা কৰিব।

যোৱা ২১ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰে ভগৱতী প্ৰসাদ বৰুৱা পেক্ষাগৃহত। সভাপতি ড পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্যখনৰ ভাষা–সাহিত্য সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সভাই পূৰ্বে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰীকৰণ সম্পৰ্কত আলোচনা কৰে।

প্ৰয়োজন অনুসৰি প্ৰতিখন জিলাৰ প্ৰান্তীয় অঞ্চলত ‘অসম জাতীয় বিদ্যালয় সংসদ’ৰ আৰ্হিত জাতীয় বিদ্যালয় গঢ়ি তুলিব। অসমীয়া তথা খিলঞ্জীয়া ভাষা বিকাশৰ বাবে স্থাপন কৰিবলগীয়া জাতীয় বিদ্যালয়সমূহ অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ জৰিয়তে পৰিচালিত হ’ব। আগন্তুক শিক্ষাবৰ্ষৰ পৰা  স্থানীয় ৰাইজ আৰু অনুষ্ঠান–প্ৰতিষ্ঠানৰ সহযোগত পাঠদান কাৰ্য আৰম্ভ হ’ব।

বৈঠকত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, শিক্ষাবিদ থানেশ্বৰ মালাকাৰ, প্ৰভাত চন্দ্ৰ দাসকে আদিকৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সম্প্ৰতি ৰাজ্য চৰকাৰে একাংশ প্ৰাদেশীকৃত বিদ্যালয়ক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক সভাই কঠোৰ সমালোচনা কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward