Friday, April 19, 2024
Homeবাতৰিঅৰুণাচলৰ ‘পানচু পাছ’ উৎসৱ পুনৰ আয়োজন

অৰুণাচলৰ ‘পানচু পাছ’ উৎসৱ পুনৰ আয়োজন

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

পানচু পাছ হ’ল এখন ঠাইনৰ নাম। যিখন ঠাই অতি মনোমোহা আৰু অৰুণাচল প্ৰদেশৰ শেষ প্ৰান্ত তথা ভাৰত–ম্যানমাৰ সীমান্তত অৱস্থিত। সুদীৰ্ঘ পাঁছ বছৰৰ অন্তত অৰ্থাৎ ২০১৭ চনৰ জানুৱাৰী মাহত এই ঠাইখনতে হেনো পুনৰ আয়োজন কৰিব ‘পানচু পাছ’ উৎসৱ। এয়া অৰুণাচল প্ৰদেশ চৰকাৰে ঘোষণা কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, যোৱা কেইবাটাও বৰ্ষ অৰুণাচলত চৰকাৰ উত্থান–পতনৰ ফলত ঘটা অৰ্থনৈতিক অৱনতিৰ ফলত ৰাজ্যখনৰ বহু উৎসৱ–অনুষ্ঠানৰ ৰেহ ৰূপেই সলনি হৈ গৈছিল। কিন্তু পেমা খাণ্ডুই চৰকাৰ গঠনত বিজেপিৰ সমৰ্থন লাভ কৰাৰ পিচত বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছে। তাৰ ভিতৰত পানচু পাছ ফেষ্টিভেল অন্যতম। স্থানীয় বিধায়ক লাইচাম চিমাই এই উৎসৱ সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ বাবে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰবাবে স্থানীয় ৰাইজৰ পৰা সকলোধৰণৰ সহায় সহযোগিতা কামনা কৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward