Friday, April 19, 2024
Homeবাতৰিঅৱস্থান ধৰ্মঘটেৰে উত্তাল প্ৰতিবাদ উত্তৰ অসমৰ ক্ষুদ্ৰ চাহখেতিয়ক

অৱস্থান ধৰ্মঘটেৰে উত্তাল প্ৰতিবাদ উত্তৰ অসমৰ ক্ষুদ্ৰ চাহখেতিয়ক

প্ৰকাশিত তাৰিখঃ ১০ ছেপ্টেম্বৰ, ২০১৮

চি এন ডেক্স

চৰকাৰৰ ৰাজকোষলৈ বৰঙণি আগবঢ়াই অহা ক্ষুদ্ৰ চাহখেতিয়কসকল সম্প্ৰতি ৰাজ্যৰ বৃহৎ চাহ কোম্পানী সমূহৰ ষড়যন্ত্ৰৰ কৱলত বন্দী। এই ষড়যন্ত্ৰৰ প্ৰভাৱত বৰ্তমান ক্ষুদ্ৰ চাহখেতিয়কসকলৰ অৱস্থা জটিল হৈ পৰিছে। কোম্পানীৰ টাৰ্গেট পলিচিৰ কথা দোহাই দি নিতৌ লুণ্ঠন কৰি আহিছে ক্ষুদ্ৰ চাহখেতিয়কসকলক। অন্য বাগিচাৰ কেঁচাপাত ক্ৰয় কৰা নকৰা আৰু পাতৰ দাম কোম্পানীয়ে নিজৰ ইচ্ছামতে নিৰ্ধাৰণ কৰে। ৰাজ্যৰ প্ৰশাসনে কিলোইপ্ৰতি ২০–২২ টকা নিৰ্ধাৰণ কৰি দিছিল যদিও খেতিয়কসকলে ১৫ টকা দৰতে উক্ত কোম্পানীসমূহৰ ওচৰত কেঁচাপাত বিক্ৰী কৰিব লগা হৈছে। এক কিলো চাহপাত উৎপাদন কৰোতে য’ত খৰচ হয় ১৩–১৪ টকা তেনেক্ষেত্ৰত ১৫ টকাত কেঁচাপাত বিক্ৰী কৰিবলগীয়া হ’লে কেনেকৈনো চলিব এইবোৰ ক্ষুদ্ৰ চাহখেতিয়ক।

পুঁজিপতি চাহ কোম্পানীসমূহৰ শোষণৰ বিৰুদ্ধে উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহখেতিয়ক সমাজে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ৱলগীয়া হৈছে। জিলাখনত প্ৰায় দহ হাজাৰৰ অধিক ক্ষুদ্ৰ চাহখেতিয়ক আছে। এই দহ হাজাৰ বাগিচাৰ অধীনত বহু হাজাৰ শ্ৰমিক–কৰ্মচাৰী নিযুক্ত হৈ আছে। জিলাখনৰ সকলো খেতিয়ক একগোট হৈ স্বামী নাথন কিমিটিৰ পৰামৰ্শৰ ভিত্তিত কেঁচাপাতৰ উচিৎ দাম প্ৰদান কৰা, ছিণ্ডিকেটৰাজৰ অৱসান ঘটোৱা আৰু TMCO কাৰ্যকৰী নকৰা ফেক্টৰীমূহক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ৪ ছেপ্টেম্বৰত অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী সভাৰ আয়োজন কৰে। প্ৰতিবাদৰ অন্তত বিহালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ এখন প্ৰেৰণ কৰে।

প্ৰাপ্য দাবীত ক্ষুদ্ৰ চাহখেতিয়কসকলে প্ৰতিবাদী কাৰ্যসূচী পালনৰ পিচতো বিহালীৰ বিধায়ক আৰু ৰাজ্যৰ প্ৰভাৱশালী কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই নিশ্চুপ হৈ থকা বুলি অভিযোগ উত্থাপন হৈছে।  

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward