Friday, April 19, 2024
HomeUncategorizedআঘাতপ্ৰাপ্ত হলৌ গিবন উদ্ধাৰ

আঘাতপ্ৰাপ্ত হলৌ গিবন উদ্ধাৰ

প্ৰকাশিত তাৰিখঃ ২৯ মাৰ্চ, ২০২২

অগ্ৰণী সংবাদ

চানডুবি নিউজ ৰিপ’ৰ্ট–

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি আঘাতপ্ৰাপ্ত দূষ্প্ৰাপ্য হলৌ গিবন এটা উদ্ধাৰ হয়। উক্ত ঘটনাটো সংঘটিত হয় চানডুবি বিলৰ পৰা এক কিলোমিটাৰ দূৰৰ মায়ং পাহাৰৰ অন্তৰ্গত কঠালগুৰী গাঁৱত। উল্লেখযোগ্য পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মায়ং পাহাৰ হ’ল এজাক হলৌ গিবনৰ বিচৰণ ভূমি।

গাঁওখনৰ লোকসকলে সন্দেহ প্ৰকাশ মতে– হলৌজাকে নিয়মীয়া বিচৰণ কৰি থকাৰ সময়তে দূভাগ্যৱশতভাৱে বিদ্যুৎ তাঁৰত স্পৰ্শ হোৱাত হলৌটো মাটিত পৰি আঘাতপ্ৰাপ্ত হয়। আজি ৰাতিপুৱা হলৌ গিবনটোক আঘাতপ্ৰাপ্ত অৱস্থাত দেখাৰ লগেলগে গাঁওবাসীয়ে লোহাৰঘাটস্থিত বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়ে। উক্ত খবৰ লাভৰ লগেলগে বন বিভাগৰ বিষয়া–কৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত হলৌটোক উদ্ধাৰ কৰে। বনাঞ্চলিক বিষয়া চেমিম আখটাৰে প্ৰকাশ কৰা মতে– গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হলৌটোক কাৰ্যালয়লৈ আনি প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে। ইয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward