প্ৰকাশিত তাৰিখঃ ৩ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ অতিৰিক্ত শ্ৰেণীকোঠা আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে ২৮ ফেব্ৰুৱাৰীত মাংগলিক কাৰ্যৰ মাজেৰে উক্ত নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
উল্লেখ্য যে ইণ্টিয়েটিভছ অব নৰ্থ ইষ্ট ট্ৰেন্সমিচন কোম্পানী (এন ই টি চি)ৰ সামাজিক দায়বদ্ধতা আঁচনি (চি এছ আৰ)ৰ অধীনত প্ৰায় ১৯ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰা হ’ব। আধাৰশিলা স্থাপন কৰি বিধায়ক কলিতাই ভাষণ প্ৰসংগত কয়– ৰাণী হাইস্কুলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ইতিমধ্যে শিক্ষা বিভাগৰ পৰা ৭.৫০ কোটি টকা অনুদান আগবঢ়োৱা হৈছে। তেওঁ উল্লেখ কৰে যে ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকক গুৰুত্ব দিবলৈ অনুৰোধ জনায়।
ৰাণী হাইস্কুলৰ শিক্ষয়িত্ৰী প্ৰাৰ্থনা মুদৈয়ে আঁত ধৰা অনুষ্ঠানত কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাগ লয়। জিলা আয়ুক্তগৰাকীয়ে আন্তঃগাথঁনিৰ উন্নয়ন হোৱাৰ লগে লগে বিদ্যালয়ৰ শৈক্ষিক দিশৰ উন্নয়নত গুৰুত্ব দিবলৈ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি আহ্বান জনায়।
অনুষ্ঠানত এন ই টি চি’ৰ মুখ্য সঞ্চালক অনিল চি নাম্বোডিৰিপদ, কাৰিকৰী সঞ্চালক বিশ্বজিৎ মুখাৰ্জী উপস্থিত থাকি কোম্পানীৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে।
অনুষ্ঠানত সমাজকৰ্মী সুভাষ শৰ্মা, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন, কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী লগতে এন ই টি চি’ৰ বিষয়ববীয়া, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ