Saturday, December 14, 2024
HomeNEWSৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত আহত ধান কটা শ্ৰমিক

ৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত আহত ধান কটা শ্ৰমিক

প্ৰকাশিত তাৰিখঃ ৩০ নৱেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী অঞ্চলৰ খেতিপথাৰতো অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। বনৰীয়া হাতীয়ে খেতিপথাৰত তাণ্ডৱ চলোৱাই নহয় পকাধান কাটিবলৈ যোৱা শ্ৰমিকো হাতীৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে। তেনেস্থলত ২৮ নৱেম্বৰৰ পুৱা ধান কাটিবলৈ যোৱা শ্ৰমিক এজন হাতীৰ আক্ৰমণত আহত হয়। ঘটনাটো ঘটে মেঘালয় সীমান্তৰপৰা কিছু নিলগৰ ৰাণীৰ মাহেন্দ্ৰী ৰিজাৰ্ভৰ কাষৰ খেতিপথাৰত।

উল্লেখ্য যে, এজন খেতিয়কৰ লগত বন্দোবস্তি অনুসৰি পুৱা প্ৰায় ৬ বজাতেই ৭জন শ্ৰমিকে পথাৰৰ পকা ধান কাটিবলৈ গৈছিল। কিন্তু পথাৰখন পোৱাৰ আগমুহুৰ্তত শ্ৰমিককেইজনে হঠাৎ এটি বনৰীয়া হাতীৰ সৈতে মুখামুখি হয়। ভয়ত বিতত হৈ পৰা শ্ৰমিককেইজনে দৌৰ মাৰে যদিও মেহেৰ আলী নামৰ লোকজনক হাতীটোৱে শুৰডালেৰে ধৰি দলি মাৰি দিয়ে। ইয়াৰ ফলত মেহেৰ আলীয়ে কঁকাল আৰু ভৰিত আঘাত পায়। আহত শ্ৰমিকজনক বৰপেটা জিলাৰ চেঙাৰ বাসিন্দা বুলি জানিবপৰা গৈছে।

ইপিনে ঘটনাৰ খবৰ পাই ৰাণীৰ বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মন সহিতে বন বিভাগৰ এটি দল ঘটনাস্থলীত উপস্থিত হয়। বনাঞ্চলিক কাৰ্যালয়ৰ দলটোৱে ঘটনাৰ সবিশেষ তথ্য সংগ্ৰহ কৰাৰ লগতে আহত শ্ৰমিকজনক ততাতৈয়াকৈ ৰাণী সামূহিক চিকিৎসালয়ত ভৰ্ত্তি কৰায়।ৰাণী বনাঞ্চলিক কাৰ্যালয়ে চিকিৎসাৰ ব্যৱস্থা কৰা আহত শ্ৰমিকজন সম্প্ৰতি বিপদ মুক্ত বুলি কাৰ্যালয়টোৰ এক সূত্ৰই জনাইছে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward