Wednesday, April 24, 2024
HomeARTICLEআহোম ৰাজত্বৰ মায়ামৰা প্ৰজা অভ্যুত্থান

আহোম ৰাজত্বৰ মায়ামৰা প্ৰজা অভ্যুত্থান

প্ৰকাশিত তাৰিখঃ ৭ ডিচেম্বৰ, ২০২০

কল্প ৰঞ্জন গগৈ

সাতসৰীৰ পাতত মহান ‘মায়ামৰীয়া প্ৰজা অভ্যুত্থান’ এটা উল্লেখযোগ্য ঘটনা কাৰণ অসম বুৰঞ্জীৰ এই নিৰ্ণায়ক ঘটনাৰ বিষয়ে আজিৰ অসমীয়া প্ৰজাই জনাটো অতি প্ৰয়োজনীয়। কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা– স্বৰ্গদেউ লক্ষীসিংহৰ বিৰুদ্ধে নহয়– ৰাজতন্ত্ৰৰ ভেদনীতিৰ বিৰুদ্ধে মহাপুৰুষ শংকৰদেৱে নিৰ্দেশ কৰা এখন বহুত্ববাদী সমাজ– Pluralist Society গঢ়াৰ লক্ষ্যৰে কৃষক সমাজৰ এই জাগৰণ। মায়ামৰীয়া ধৰ্মীয় ছাতি আৰু এক মতৰ মটক (মতেক) মৰাণ বাহিনীৰ নেতৃত্বত এই বিদ্ৰোহ– Rebellion। ৰাজতন্ত্ৰৰ স্বাভাৱিক নীতি হৈছে ভেদনীতি– স্বৰ্গদেউ শিৱসিংহৰ দিনতে মায়ামৰীয়াৰে সংঘাত– (১৭১৮ খৃঃ) আৰু ই পূৰ্ণতা লাভ কৰিছিল (১৭৬৯ খৃঃ) স্বৰ্গদেউ লক্ষীসিংহৰ দিনত। তিনিজনকৈ হোৱা এই জাগৰণৰ অন্ত পৰিছিল স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত (১৭৯২খৃঃ) ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেপ্টেইন ওৱেলছৰ সহায়ত। ১৭৯৩ খৃঃত মহামতি পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ ৰাজ্য সংস্কাৰ– গুৱাহাটীৰ বৰফুকন বিয়ৈয়েক বদনচন্দ্ৰৰ লগত সংঘাত– মানদেশলৈ গমন– ১৮১৯ খৃঃৰ পৰা মানৰ দিন– তিনিবাৰ আৰু অৱশেষত বৃটিছ কোম্পানী– মান ৰজাৰ মাজত চুক্তি ২৪ ফেব্ৰুৱাৰী ১৮২৬ খৃঃ মানৰ দেশ ইয়াণ্ডাবুত– পৰিণতিত অসমৰ বেলিমাৰ। এদিন আলহী হৈ আহি সাতৰাজ মিলাই একৰাজ কৰি থলগিৰি হোৱা চাওলুং চ্যুকাফা আৰু তেওঁৰ সতীৰ্থসকলৰ নাতি–পৰিনাতিৰ কেনে বিষম পৰিণতি?

চাওলুং চ্যুকাফা আছিল মৰাণৰ জোঁৱাই– ৰজা থামিথুমাৰ। সেয়ে মৰাণ–বৰাহী–চুতীয়া–কছাৰী মিলি হৈছিল আহোম–আহোমীয়া–অসমীয়া। বীৰ ৰাঘৱ মৰাণৰ নেতৃত্বত বিদ্ৰোহ আছিল প্ৰকৃত আহোম–অসমীয়াৰ বিদ্ৰোহ য’ত এক মতৰ ‘মটক অসমীয়াৰ’ বুনিয়াদ তৈয়াৰ হৈছিল। আজিৰ উত্তৰ আধুনিক যুগৰ গোলকীয় দুষ্কৃতিৰ প্ৰভাৱত জাতি ‘লাং লাং ঠাং ঠাং’। সেয়ে আমাক আৰু এটা প্ৰজা অভ্যুত্থান লাগে। মহাপুৰুষ শংকৰদেৱৰ উত্তৰসুৰী ব্ৰহ্মা–পুৰুষ–নিকা আৰু কালসংহতিৰ সন্মিলিত মৰ্চ্ছাৰ নেতৃত্বত এক আৰ্থ–সাংস্কৃতিক সংগ্ৰামেহে প্ৰজাক ঐক্যবদ্ধ কৰিব পাৰিব।    

শিৰোনামৰ ছবিঃ ইণ্টাৰনেট

Title Image: Internet

(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৃষি বিষয়া)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward