Friday, March 29, 2024
Homeবাতৰিইউৰোপৰ বজাৰত অসমত উৎপাদিত জৈৱিক পাচলি

ইউৰোপৰ বজাৰত অসমত উৎপাদিত জৈৱিক পাচলি

প্ৰকাশিত তাৰিখঃ ২৯ অক্টোবৰ, ২০১৮

চি এন ডেক্স

অসমত উৎপাদিত পাচলি ইউৰোপলৈ ৰপ্তানি। এতিয়াৰ পৰা ইউৰোপৰ বজাৰত পোৱা যাব অসমত উৎপাদিত জৈৱিক পাচলি। দৰং জিলাৰ খাৰুপেটীয়া অঞ্চলৰ কৃষকসকলে জৈৱিকভাৱে উৎপাদন কৰা পাচলি ইউৰোপলৈ ৰপ্তানি কৰিছে। অসমৰ কৃষিখণ্ডৰ বাবে এয়া এক আশাৰ খবৰ।

আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম তথা উত্তৰ–পূৰ্বাঞ্চলত উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত বিভিন্ন জটিলতাই দেখা দিয়া পৰিলক্ষিত হয়। সেই জটিলতা দূৰ কৰিবৰ বাবে ৰাজ্যখনৰ পৰা পাচলি ৰপ্তানিৰ ব্যৱস্থা গ্ৰহণ কৰিছে এপেডা’ই। এপেডা (APEDA) Agricultural and Processed Food Products Export Development Authority) হ’ল ভাৰত চৰকাৰৰ বাণিজ্যিক মন্ত্ৰ্যালয়ৰ অধীনৰ এটি সংস্থা। সংস্থাটোৱে যোৱা ১৯ অক্টোবৰত  গুৱাহাটীৰ পৰা কলকাতা হৈ ইউৰোপলৈ পোন প্ৰথমবাৰ ০.৫ মেট্ৰিক টন বিন ৰপ্তানি কৰিছে। অনাগত দিনবোৰত সংস্থাটোৱে ৰাজ্যখনৰ পৰা অধিক হাৰত শাক–পাচলি ৰপ্তানিৰ পৰিকল্পনা কৰিছে।

উল্লেখ্যযোগ্য যে, যোৱা জানুৱাৰী মাহত এপেডা’ই মেঘালয়ৰ ৰি–ভয় জিলাত উৎপাদিত কমলা আৰু আনাৰস ৰপ্তানি কৰিছিল। জিলাখনত কমলা আৰু আনাৰস প্ৰচুৰভাৱে উৎপাদন হয়। উক্ত জিলাৰ কৃষকসকলে উৎপাদন কৰা কমলা এইবাৰ ডুবাইলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা লোৱা বুলি জানিব পৰা গৈছে।

উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনৰ পৰা পৰ্যায় ক্ৰমে শাক–পাচলি, ফল–মূল আদি অধিক হাৰত বিদেশৰ বজাৰলৈ ৰপ্তানি কৰা হ’ব বুলি এপেডা’ৰ এক সূত্ৰত প্ৰকাশ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward